মৰিগাঁও জিলা কাৰ্যালয়ত এইছপিভি ভেকচিন, পলিঅ’ প্ৰতিষেধক দিৱসক লৈ পৰ্যালোচনা - পলিঅ’ প্ৰতিষেধক
🎬 Watch Now: Feature Video

Published : June 12, 2026 at 5:38 PM IST
মৰিগাঁও: শুকুৰবাৰে মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত স্বাস্থ্য বিভাগৰ উদ্যোগত জৰায়ুৰ কেঞ্চাৰ প্ৰতিৰোধী চমুকৈ এইছপিভি ভেকচিন আৰু ৰাষ্ট্ৰীয় পলিঅ’ প্ৰতিষেধক দিৱস চমুকৈ এনআইডিৰ সফল ৰূপায়ণৰ সন্দৰ্ভত এক আলোচনা সভা অনুষ্ঠিত হয় ৷ উল্লেখ্য যে, জিলাখনৰ ১৪-১৫ বছৰ বয়সীয়া কিশোৰীসকলক এইছপিভি ভেকচিন প্ৰদানৰ লক্ষ্য লোৱা হৈছিল ৷ ইতিমধ্যে জিলাখনত প্ৰায় ৬২ শতাংশ এইছপিভি ভেকচিন প্ৰদানৰ কাম সম্পূৰ্ণ হৈছে বুলি জিলা স্বাস্থ্য বিষয়াই জানিবলৈ দিয়ে ৷
ইফালে জিলাখনত এইছপিভি ভেকচিনৰ সন্দৰ্ভত একাংশই চলাই থকা অপপ্ৰচাৰত বিশ্বাস নকৰি নিজৰ সন্তানক এই সুৰক্ষা কবচ প্ৰদান কৰিবলৈ আহ্বান জনাইছে স্বাস্থ্য বিভাগে । আনহাতে, আগন্তুক ২৮ জুনৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জিলাখনত আৰম্ভ হ’ব পালচ পলিঅ’ অভিযান । ০-৫ বছৰ বয়স পৰ্যন্ত সকলো শিশুকে ওচৰৰ পলিঅ’ বুথলৈ আনি পলিঅ’ খুৱাবলৈ ৰাইজক অনুৰোধ জনাইছে জিলা স্বাস্থ্য বিষয়াই ৷