মৰিঢল মহাবিদ্যালয়ক স্বায়ত্তশাসিত মৰ্যাদা - মৰিঢল মহাবিদ্যাল

🎬 Watch Now: Feature Video

thumbnail
মৰিঢল মহাবিদ্যালয়ক স্বায়ত্তশাসিত মৰ্যাদা (ASSAM ASSEMBLY)

By ETV Bharat Assamese Team

Published : April 20, 2026 at 7:57 PM IST

1 Min Read
Choose ETV Bharat

জোনাই : ধেমাজি জিলাৰ মৰিঢল মহাবিদ্যালয়ে লাভ কৰিলে স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ মৰ্যাদা । জিলাখনৰ প্ৰথম আৰু একমাত্র স্বায়ত্তশাসিত মহাবিদ্যালয় হিচাপে মৰিঢল মহাবিদ্যালয়ে স্বীকৃতি লাভ কৰাত আনন্দৰ জোৱাৰ উঠিছে ।  

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান মৰিঢল মহাবিদ্যালয়ক সোমবাৰে বিশ্ববিদ্যালয় অনুদান আয়োগে স্বায়ত্তশাসিত মহাবিদ্যালয় হিচাবে আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ পিছতে মহাবিদ্যালয় চৌহদত ৰঙালীৰ আনন্দৰ মাজতে ফটকা ফুটাই নাচি-বাগি আনন্দ কৰে ছাত্ৰ-ছাত্ৰী তথা শিক্ষক সমাজে । মহাবিদ্যালয়খনত দেখা গ'ল আবতৰীয়া দীপাৱলী ।

উল্লেখ্য যে বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা স্বায়ত্তশাসিত মৰ্যাদাপ্ৰাপ্ত মহাবিদ্যালয়সমূহে নিজাকৈ পাঠ্যক্ৰম প্ৰস্তুত কৰা,পৰীক্ষা অনুষ্ঠিত কৰা আৰু ফলাফল ঘোষণা কৰাৰ স্বাধীনতা লাভ কৰে । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ দীপেন শইকীয়াই কয়, "আমি বহুদিনৰ পৰা আশা কৰি আছিলো মহাবিদ্য়ালয়খনক এখন স্বায়ত্তশাসিত মহাবিদ্য়ালয়লৈ পৰ্যবসিত কৰিম । আজি আমি বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰা অনুমোদন লাভ কৰিছো ।"

লগতে পঢ়ক:ধেমাজিত-জোনাইত মিচিং আগম কেবাঙৰ প্ৰতিষ্ঠা দিৱস উদযাপন

ৰব'টিক ছাৰ্জাৰীৰ ক্ষেত্ৰত অসমৰ গৌৰৱোজ্জ্বল অধ্যায়: গুৱাহাটীত ARIS 2026 অধিৱেশন

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details