বিধানসভালৈ কাঁড়-গুলী লৈ যায় অখিল গগৈয়ে ! - MLA AKHIL GOGOI

🎬 Watch Now: Feature Video

thumbnail
বিধানসভালৈ কাঁড়-গুলী লৈ যায় অখিল গগৈয়ে ! (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : June 30, 2026 at 7:24 PM IST

1 Min Read
Choose ETV Bharat

শিৱসাগৰ: বিধানসভাত কি কৰে অখিল গগৈয়ে ? কেনেকৈ ১২৬ জন বিধায়কৰ মাজত নিজৰ কথা দীঘলীয়াকৈ উপস্থাপন কৰে অখিল গগৈয়ে ? মঙলবাৰে তাৰ ভেদ ভাঙিলে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে ।  

শিৱসাগৰ নগৰৰ যুৱদলত বিধায়ক অখিল গগৈক সম্বৰ্ধনাৰ বাবে আয়োজিত এখন সভাত সবিশেষ ক'লে অখিল গগৈয়ে । অখিল গগৈয়ে প্ৰশ্নৰ মাজেৰে কাঁড়-গুলী লৈ যায় বিধানসভালৈ । মুখ্যমন্ত্ৰী-মন্ত্ৰীয়ে কথা ক'লে কিয় অখিল গগৈ মাজত সোমায় তাকো বৰ্ণনা কৰিলে বিধায়কগৰাকীয়ে ।

তেওঁ কয়, "বিধানসভাত কথা ক'বলৈ দিয়ে তিনি মিনিট, এই তিনি মিনিটত মই সমস্যাৰ কথা ক'ম নে সমাধানৰ কথা ক'ম । গতিকে মই মুখ্যমন্ত্ৰী-মন্ত্ৰীৰ কথাৰ মাজত সোমাই মোৰ প্ৰয়োজনীয় কথাবোৰ কোৱাৰ চেষ্টা কৰোঁ ।"

আনহাতে, শিৱসাগৰ সমষ্টিৰ বিধায়কগৰাকীয়ে ৰাইজক অৱগত কৰায়, "মুখ্যমন্ত্ৰীয়ে তিনি মিনিটৰ প্ৰশ্ন এটাৰ এঘণ্টা উত্তৰ দিয়াৰ পাছত তেওঁৰ উত্তৰত উত্তৰ দিবলৈ মোক কোনোবাই সময় দিব ? কোনেও নিদিয়ে । গতিকে মই তেওঁলোকৰ কথাৰ মাজত সোমাই মোৰ কথাবোৰ উপস্থাপন কৰোঁ ।" 

লগতে পঢ়ক :শিৱসাগৰত নিৰ্মীয়মাণ প্ৰকল্পত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ; ঠিকাদৰক সকীয়নি অখিল গগৈৰ - MLA AKHIL GOGOI

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details