চামগুৰিৰ উন্নয়ন ব্যাহত হোৱাটো মই অস্বীকাৰ নকৰোল : পীযুষ হাজৰীকা - নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন
🎬 Watch Now: Feature Video

Published : July 5, 2026 at 3:30 PM IST
চামগুৰি: নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে শাসকীয় দল বিজেপি । লোকসভা সমষ্টিটোৰ বিভিন্ন প্ৰান্তত ইতিমধ্যেই সভা-সমিতি অনুষ্ঠিত কৰি প্ৰচাৰ আৰম্ভ কৰিছে শাসকীয় দল বিজেপিৰ নেতা-মন্ত্ৰীয়ে । বিশেষকৈ মন্ত্ৰী পীযুষ হাজৰীকাই লোকসভা সমষ্টিটোৰ ৮ টাকৈ বিধানসভা সমষ্টিতেই সাংগঠনিক তৎপৰতা আৰম্ভ কৰা পৰিলক্ষিত হৈছে । শনিবাৰে নগাঁও লোকসভা সমষ্টিৰ চামগুৰিত উপ-নিৰ্বাচনৰ ৰণশিঙা বজালে মন্ত্ৰী পীযুষ হাজৰীকাই । চামগুৰিৰ বাজিয়াগাঁৱত অনুষ্ঠিত এক ৰাজহুৱা সভাত নগাঁও লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ প্ৰদ্যুৎ বৰদলৈ, চামগুৰি সমষ্টিৰ প্ৰাক্তন বিধায়ক ডিপ্লু ৰঞ্জন শৰ্মাক লগত লৈ নিৰ্বাচনী ৰণশিঙা বজালে মন্ত্ৰী পীযুষ হাজৰীকাই।
ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী পীযুষ হাজৰীকাই চামগুৰিত উন্নয়ন ব্যাহত হোৱা বুলি উল্লেখ কৰি কয়, "ৰণডংকা নহয় ৰাইজক অনুৰোধ জনাবলৈ আহিছো । ৰাইজে যাতে বুজি পায় । চামগুৰিৰ উন্নয়ন ব্যাহত হোৱাটো মই অস্বীকাৰ নকৰো । চামগুৰি, ৰূপহীহাট আৰু ধিঙৰ বিধায়ক মূখ্যমন্ত্ৰীৰ ওচৰলৈ নাযায় সমষ্টিৰ উন্নয়নৰ কাম বিচাৰি । সেইকাৰণে সমষ্টিকেইটাৰ উন্নয়ন ব্যাহত হৈছে । এই সমষ্টিকেইটা যাতে পিছপৰি নাযাওক তাৰ বাবে এইবাৰ ৰাইজে সিদ্ধান্ত ল'ব লাগিব । উপ-নিৰ্বাচনত বিজেপিৰ সাংসদ জিকিলে সমষ্টিৰ উন্নয়নৰ কথা মুখ্যমন্ত্ৰীক গৈ ক'ব পাৰিব । পৰিয়ালকেন্দ্ৰিক কংগ্ৰেছৰ পৰা পৰিত্ৰাণ বিচাৰিবলৈ ৰাইজক আহ্বান জনাও ।"