প্ৰখৰ ৰ'দকো নেওচি পথাৰত ভূঁই ৰুলে কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই - মন কী বাত
🎬 Watch Now: Feature Video

Published : June 28, 2026 at 6:34 PM IST
বঢ়মপুৰ: পথাৰত নামিল কৃষি মন্ত্ৰী পীযুষ হাজৰিকা ৷ দেওবাৰে বঢ়মপুৰৰ বৰকছাৰী গাঁৱৰ পথাৰত ভূঁই ৰুলে কৃষি মন্ত্ৰী হাজৰিকাই । বঢ়মপুৰ সমষ্টিত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পাছতে পথাৰত ভূঁই ৰুলে কৃষি মন্ত্ৰী হাজৰিকাই ৷
মন্ত্ৰী হাজৰিকাই কয়, "কৃষি মন্ত্ৰী পথাৰত নামিবই লাগিব । মই নিজে বহু খিনি খেতি কৰো । নিজেও অলপ কামত লাগিবলৈ চেষ্টা কৰিম । মানুহক উদাহৰণ দেখুওৱাম । ৰাইজক অনুৰোধ, খেতিত মনোযোগ দিয়ক । ধানটো কৰিমেই । ধানতকৈ ফল-মূল, ফুলৰ খেতি আৰু পাঁচলিৰ খেতিত গুৰুত্ব দিয়ক ।"
ইফালে মন্ত্ৰীগৰাকীৰ সৈতে পথাৰত দেখা গ'ল বিধায়ক জিতু গোস্বামী, নগাওঁ জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাক ৷ আনহাতে বঢ়মপুৰৰ কঠীয়াতলী পঞ্চায়তৰ ১৫০ নং বুথত আয়োজন কৰা প্ৰধানমন্ত্ৰী মোদীৰ 'মন কী বাত'ৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মন্ত্ৰী হাজৰিকাই ৷ 'মন কী বাত' অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে 'হাড়গিলা বাইদেউ' হিচাপে খ্যাত অসমৰ পূৰ্ণিমা দেৱী বৰ্মনৰ প্ৰচেষ্টাক প্ৰশংসা কৰাৰ কাৰ্যক শলাগ লৈ মন্ত্ৰী হাজৰিকাই ৷
লগতে পঢ়ক:'মন কী বাত'ত পূৰ্ণিমা দেৱী বৰ্মনক প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ