মুখ্যমন্ত্ৰীৰ সৈতে অসমৰ জনসাধাৰণ আৰু ভগৱান আছে: নগাঁৱত স্বাধীনতা দিৱসত মন্ত্ৰী পীযুষ হাজৰিকা
🎬 Watch Now: Feature Video

Published : August 15, 2026 at 3:46 PM IST
|Updated : August 15, 2026 at 5:03 PM IST
নগাঁও : সমগ্ৰ দেশৰ লগতে শনিবাৰে নগাঁৱতো উদযাপন কৰা হয় ৮০ সংখ্যক স্বাধীনতা দিৱস । নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি সমগ্ৰ দেশৰ লগতে অসমৰ উন্নয়নৰ বিষয়ে বিৱৰণ দিয়ে মন্ত্ৰী পীযুষ হাজৰিকাই ।
মন্ত্ৰী পীয়ুষ হাজৰিকাই কয়, "প্ৰথমে দেশৰ হকে প্ৰাণ আহুতি দিয়া বীৰ স্বাধীনতা সংগ্ৰামীক আজিৰ পবিত্ৰ ক্ষণত শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ । তেখেতসকলৰ অপৰিসীম ত্যাগৰ বাবেই দেশে আজি স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছে । মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম সৰ্বদিশতে উন্নয়নৰ দিশে আগবাঢ়িছে । বানত আক্ৰান্ত হোৱা পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিয়াৰো পৰিকল্পনা কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।"
আনহাতে, সংবাদ মাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে কয়, "আমাৰ পূৰ্বপুৰুষসকলে বহু কষ্ট কৰি জীৱন আহুতি দি ব্ৰিটিছক ভাৰতৰ খেদি স্বাধীনতা কঢ়িযাই আনিছে । কৃষি আৰু জলসিঞ্চন বিভাগৰ মন্ত্ৰী হিচাপে নগাঁৱৰ জলসিঞ্চনৰ ব্যৱস্থা পৰ্যাপ্ত পৰিমাণে কৰা হ'ব ।"
ইফালে সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীক ভাবুকি দিয়া প্ৰসংগত মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে অসমৰ জনসাধাৰণ আৰু ভগৱান আছে ।
নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত মন্ত্ৰী পীযুষ হাজৰিকাৰ সৈতে উপস্থিত থাকে পত্নী তথা অভিনেত্ৰী আইমী বৰুৱা ।