ৰাইজক কৰ-কাতলৰ বোজা নিদিয়াকৈ ৰাজহ বৃদ্ধিৰ লক্ষ্য চৰকাৰৰ: জয়ন্ত মল্ল বৰুৱা - বাজেট

🎬 Watch Now: Feature Video

thumbnail
নলবাৰীত জয়ন্ত মল্ল বৰুৱা (ETV Bharat)

By ETV Bharat Assamese Team

Published : June 28, 2026 at 6:37 PM IST

1 Min Read
Choose ETV Bharat

নলবাৰী: দেওবাৰে মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ নলবাৰী বিএড কলেজত দলীয় কৰ্মকৰ্তাৰ সৈতে মন কী বাত অনুষ্ঠান শ্ৰৱণ কৰিলে বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । বিত্তমন্ত্ৰী হিচাপে এইবাৰ প্ৰথমখন বাজেট দাখিলৰ বাবে প্ৰস্তুতি চলোৱাত ব্যস্ত জয়ন্ত মল্ল বৰুৱা । মুখ্যমন্ত্ৰীৰ সৈতে দৈনিক আলোচনা চলিছে বুলি মন্তব্য কৰি বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অহা ১০ জুলাইত বাজেট দাখিল কৰিব বুলি মন্তব্য কৰে । এখন সুন্দৰ বাজেট হ’ব বুলি আশাবাদী মন্ত্ৰীগৰাকী । সাধাৰণ ৰাইজক কৰ-কাতলৰ বোজা নিদিয়াকৈ কৰ বৃদ্ধি কৰাটোহে লক্ষ্য বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে । ইফালে মন কী বাতত প্ৰধানমন্ত্ৰীয়ে অসমৰ হাড়গিলা আৰ্মীৰ বিষয়টো উপস্থাপন কৰে আৰু ইয়াকে লৈ মন্ত্ৰীগৰাকীয়ে গৌৰৱ অনুভৱ কৰা বুলি মন্তব্য কৰে । 

লগতে পঢ়ক: 'মন কী বাত'ত পূৰ্ণিমা দেৱী বৰ্মনক প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details