অভিভাৱক মন্ত্ৰীৰ দায়িত্ব লৈয়ে বৰপেটা সত্ৰৰ আশীষ ল’লে মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰে - ইটিভি ভাৰত অসম

🎬 Watch Now: Feature Video

thumbnail
বৰপেটা সত্ৰৰ আশীষ ল’লে মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰে (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : June 9, 2026 at 5:01 PM IST

1 Min Read
Choose ETV Bharat

বৰপেটা: বৰপেটাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব লাভ কৰাৰ পিছতে মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰে মঙলবাৰে প্ৰথমবাৰৰ বাবে জিলাখনত উপস্থিত হৈ বৰপেটা সত্ৰ দৰ্শন কৰে ৷ তেওঁ গুৰু দুজনাৰ পবিত্ৰ স্থান বৰপেটা সত্ৰত সেৱা আগবঢ়াই ৰাইজৰ মংগল কামনা কৰাৰ লগতে বৰপেটা জিলাৰ অভাৱ অভিযোগ নিৰ্মূল কৰিবলৈ কাম কৰি যোৱাৰ আশ্বাস দিয়ে ।

তেওঁ বৰপেটা জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিয়াৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জনাই বৰপেটা সমষ্টিৰ অগপৰ বিধায়ক দীপক কুমাৰ দাসৰ সৈতে একেলগে বৰপেটাৰ সমস্যা সমাধানৰ হকে কাম কৰিবলৈ আগবাঢ়িব বুলি মন্তব্য কৰে । তেওঁ লগতে গুৰুজনাক সেৱা কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে যি সুযোগ দিছে সেয়া তেওঁ  নিশ্চিতভাৱে পালন কৰিব বুলি উল্লেখ কৰি বৈদিক যুগৰ পৰা মধুপুৰ বৰপেটাৰ যি সমন্বয় আছে সেই সমন্বয় পুনৰ মজবুত হ'ব বুলি কয় ।

বৰপেটা জিলাৰ বান-খহনীয়া প্ৰতিৰোধৰ স্থায়ী সমাধান কৰিবলৈ তেওঁ চেষ্টা কৰাৰ লগতে উন্নয়নমূলক কামো তেওঁ হাতত ল'ব বুলি ৰাইজক আশ্বাস দিয়ে ৷ নামনি অসমৰ অতি পুৰণি বৰপেটা নগৰখন অসমৰ ভিতৰত এখন উল্লেখযোগ্য নগৰ হিচাপে গঢ়ি তোলাৰ কথাও তেওঁ ব্যক্ত কৰে ৷ মন্ত্ৰীগৰাকীক সংগ দিয়ে স্থানীয় বিধায়ক দীপক কুমাৰ দাসে ৷

লগতে পঢ়ক : অভিভাৱকৰ দায়িত্ব পোৱাৰ পাছতে শিৱসাগৰত উপস্থিত মন্ত্ৰী বিমল বড়া

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details