বিহুৰ আনন্দ-উল্লাসৰ মাজতে যোৰহাটত পথ দুৰ্ঘটনাত নিহত 2 - JORHAT ROAD ACCIDENT
🎬 Watch Now: Feature Video

Published : April 17, 2026 at 8:32 PM IST
যোৰহাট : পশ্চিম যোৰহাটৰ উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ সন্মুখৰ ৰাষ্ট্ৰীয় ঘাইপথত শুকুৰবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুর্ঘটনা । AS03AC8866 নম্বৰৰ এখন মেক্সিম' বাহনত বলেৰ' পিক আপ বাহনে পাছফালৰ পৰা প্ৰচণ্ড জোৰে খুন্দা মাৰে ৷ ফলত নিয়ন্ত্ৰণ হেৰুৱাই ঘাইপথৰ সমীপৰ ৰেলিঙত খুন্দা মাৰে মেক্সিম' বাহনখনে । ঘটনাৰ ফলত থিতাতে নিহত হয় মেক্সিম'খনৰ চালক ধন দাস । আনহাতে এই দুৰ্ঘটনাত আহত হয় আন চাৰি যাত্ৰী ।
এই দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত চাৰিগৰাকী লোকক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় । ইফালে এই ঘটনা সংঘটিত কৰিয়েই বলেৰ' পিকআপ বাহনখন ঘটনাস্থলীৰ পৰা পলায়ন কৰে । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত ।
আনহাতে বিহুৰ আনন্দ-উল্লাসৰ মাজতে তিতাবৰতো সংঘটিত হয় আন এক শোকাৱহ ঘটনা । তিতাবৰৰ বান্দৰচলীয়াত সংঘটিত হয় এক পথ দুৰ্ঘটনা । বান্দৰচলীয়াৰ পৰা তিতাবৰ দিশে আহি থকা এখন বাইকৰ তেল শেষ হোৱাত আৰোহীগৰাকী বাইকখন ৰখায় ৷ তেনেতে এখন বলেৰ বাহন খুন্দা মাৰে লোকজনক । ফলত ঘটনাস্থলীতে নিহত হয় বান্দৰচলীয়া বটিয়াজানৰ যতীন বৰপাত্ৰ গোহাঁই নামৰ ব্য়ক্তিজন ।
ইতিধ্যেই দুৰ্ঘটনা সংঘটিত কৰা বলেৰ’ পিকআপসহ চালকক আটক কৰিছে তিতাবৰ আৰক্ষীয়ে ৷ দুৰ্ঘটনা সংঘটিত কৰা বাহনখন চৰাইদেউৰ বৰহাটৰ বুলি জানিব পৰা গৈছে । দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ নম্বৰ AS23BC5827 আৰু বাইকখনৰ নম্বৰ AS03Q6351 ৷