ভাৰত-বাংলাদেশৰ সীমামূৰীয়া দক্ষিণ শালমাৰা-মানকাচৰত ব্ৰহ্মপুত্ৰই মাতিছে বিপৰ্যয়, খহনীয়াই নিছে মাটি-ভেটি
🎬 Watch Now: Feature Video

Published : September 7, 2026 at 7:16 PM IST
দক্ষিণ শালমাৰা-মানকাচৰ: ভাৰত-বাংলাদেশৰ সীমামূৰীয়া জিলা দক্ষিণ শালমাৰা-মানকাচৰ এশ-এবুৰি সমস্যাৰে ভৰপুৰ ৷ বিশেষকৈ জিলাখনত ব্ৰহ্মপুত্ৰৰ খহনীয়াই দীৰ্ঘসময়ৰে পৰা গুৰুতৰ সমস্যা সৃষ্টি কৰি আহিছে ৷
জিলাখনৰ সুখচৰৰ নতুন ফাত্তাপাৰা গাঁৱত ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । বিগত এমাহৰ ভিতৰত প্ৰায় শতাধিক পৰিয়ালৰ ভেটি-মাটি আৰু বাসগৃহ নদীৰ বুকুত বিলীন হৈ যোৱাৰ খবৰ পোৱা গৈছে ।
বিকশিত ভাৰতৰ নীতিক সাৰোগত কৰি উন্নয়নৰ জয়গান গোৱা ৰাজ্য চৰকাৰে কিন্তু দীৰ্ঘদিনীয়া এই সমস্যা আজিকোপতি সমাধান কৰাত সফল নহ’ল ৷ যাৰ বাবে গাঁওখনৰ লোকসকল কিছু পৰিমাণে চৰকাৰৰ ওপৰত ক্ষুব্ধ হৈ পৰা দেখা গৈছে ৷
আব্দুল মজিদ নামৰ গাঁওখনৰ এজন লোকে কয়, ‘‘ইয়াত যোৱা দুদিন ধৰি ভয়াবহ খহনীয়া আৰম্ভ হৈছে । বিগত এমাহৰ ভিতৰত প্ৰায় শতাধিক লোকৰ বাসগৃহ নদীৰ বুকুত বিলীন হৈ গৈছে । ইয়াত চৰকাৰে কোনো আঁচনি দিয়া নাই ৷’’
আন এজন ভুক্তভোগীয়ে কয়, ‘‘সুখচৰৰ নতুন ফাত্তাপাৰাত বিগত দুদিন ধৰি গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । ইয়াত কোনো চৰকাৰী মানুহ দেখা নাই । চৰকাৰক আহ্বান জনাওঁ যে আমাৰ নতুন ফাত্তাপাৰা গাঁৱক নদীৰ পৰা বচাব লাগে । ইয়াত অলপ দূৰৈত এছ আলী উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে । গতিকে চৰকাৰক আহ্বান জনাওঁ যে, আমাৰ গাঁও আৰু এছ আলী উচ্চতৰ মাধ্যমিক বিদ্যালয় বচাব লাগে । লগতে দৰিদ্ৰ মানুহবিলাকক সহায় কৰিব লাগে ৷’’
লগতে পঢ়ক: কাকৈজানা সংৰক্ষিত বনাঞ্চলত হোম ষ্টে': পৰ্যটকক আকৰ্ষণ কৰিবলৈ প্ৰকৃতিপ্ৰেমী যুৱকৰ পদক্ষেপ