জোনাইৰ শুকান নলাৰ খহনীয়াৰ কালৰূপ: নৈত জাহ গৈছে বহু পৰিয়ালৰ ঘৰ-বাৰী, খেতিপথাৰ, বাট-পথ - ইটিভি ভাৰত অসম
🎬 Watch Now: Feature Video

Published : July 15, 2026 at 4:04 PM IST
জোনাই: জোনাইৰ শুকান নলাৰ তীব্ৰ খহনীয়াই নিদ্ৰাহৰণ কৰিছে নদীখনৰ দুয়োকাষে বসবাস কৰা প্ৰায় দহখনৰো অধিক গাঁৱৰ পৰিয়ালক । এই নদীৰ তীব্ৰ খহনীয়াত জাহ গৈছে বহু পৰিয়ালৰ ঘৰ-বাৰী, খেতিপথাৰৰ লগতে বাট-পথ আৰু মূল্যৱান গছ-গছনি আদি ।
উল্লেখ্য যে অৰুণাচলৰ পাহাৰৰ পৰা বৈ অহা খৰস্ৰোতা শুকান নদীয়ে বিগত প্ৰায় তিনি বছৰৰ পৰা অব্যাহত হৈ থকা খহনীয়াত নদীখনৰ দুয়োকাষে বসবাস কৰা বালিজান, ৰায়াং, গাৰোবস্তি আদি গাঁৱকে ধৰি প্ৰায় দহখনৰো অধিক গাঁৱৰ পৰিয়ালে বিনিন্দ্ৰাত জীৱন অতিবাহিত কৰিবলগীয়া হৈছে ।
ইফালে নদীখনৰ খহনীয়া প্ৰতি বছৰে বৃদ্ধি পাই অহাত অঞ্চলটোৰ ৰাইজে বহু হেক্টৰ মূল্যৱান খেতিমাটিৰ লগতে ঘৰ-বাৰী, ৰাস্তা-ঘাট আদি অজানিতে হেৰুৱাবলগীয়া হোৱাত শংকিত হৈ জীৱন যাপন কৰিবলগীয়া হৈছে ।
গতিকে শীঘ্ৰে স্থানীয় জনপ্ৰতিনিধিৰ লগতে অসম চৰকাৰৰ বিভাগীয় মন্ত্ৰীয়ে নদীখনৰ খহনীয়া বিজ্ঞানসন্মতভাৱে প্ৰতিৰোধৰ ব্যৱস্থা কৰি অঞ্চলটোৰ ৰাইজৰ মাটি-ভেটি সুৰক্ষিত কৰাৰ আহ্বান জনাইছে অঞ্চলটোৰ ৰাইজে ।
এই সন্দৰ্ভত এগৰাকী স্থানীয় ব্যক্তিয়ে কয়, "... আজিকালি এই নদীখনত বাৰিষা অৰুণাচলৰ পৰা যি পানী বৈ আহে তাৰ ৰূপ চাবলৈ সঁচাকৈয়ে ভয়লগা । এই নদীৰ কাৰণে আজি পাঁচ বছৰ আগৰ পৰায়ে আমাৰ স্থানীয় প্ৰতিনিধিসকলে আহে আৰু চায় আৰু গৈ থাকে । কিন্তু কোনোৱে একো সুৰক্ষাৰ ব্যৱস্থা নলয় ।"