বাঢ়িছে বন্যজীৱ-জন্তু, মানাহত ভিৰ কৰিছে পৰ্যটকে - MANAS NATIONAL PARK

🎬 Watch Now: Feature Video

thumbnail
মানাহত ভিৰ কৰিছে পৰ্যটকে (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : May 21, 2026 at 3:22 PM IST

1 Min Read
Choose ETV Bharat

বাক্সা: দেশী-বিদেশী পৰ্যটকেৰে ভৰিছে মানাহ ৰাষ্ট্ৰীয় উদ্যান । বিগত বৰ্ষৰ তুলনাত এই বৰ্ষত মানাহ ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে জীৱ-জন্তুৰ সংখ্যা । যাৰ পৰিপ্ৰেক্ষিতত বৃদ্ধি পাইছে পৰ্যটকৰ সংখ্যা । মানাহৰ ভিতৰত এতিয়া মুক্তমনেৰে ঘূৰি ফুৰিছে গঁড়, হৰিণা, বনৰীয়া হাতী, বনৰীয়া ম’হ, ময়ুৰ পক্ষী, আপুৰুগীয়া ঘোং আদিয়ে । বন্য জীৱ-জন্তু দেখা পাই উৎফুল্লিত হৈ পৰিছে পৰ্যটকো ।  

মানাহ ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰি গুৱাহাটীৰ পৰা অহা এগৰাকী পৰ্যটকে কয়,"গুৱাহাটীৰ পৰা আমি পাঁচজন আহিছোঁ । দেখি আমাৰ ভালেই লাগিল । আজি আমাৰেই সৌভাগ্য, বতৰো ভাল আছিল । মানাহ অভয়াৰণ্য আমি চালোঁ । জন্তুৰ ভিতৰত আমি গঁড় দেখিলোঁ, দুজাক বনৰীয়া হাতীৰ সন্মুখীন হ'লোঁ, মেথোন দেখিলোঁ, হৰিণা দেখিলোঁ, ময়ুৰ দেখিলোঁ, দুৰ্ভাগ্যবশতঃ বাঘ নেদেখিলোঁ । ভৱিষ্যতলৈ আমি আকৌ আহিম বুলি আশা কৰিলোঁ ।"

লগতে পঢ়ক: বৃহস্পতিবাৰৰ পৰা অসম বিধানসভাৰ অধিৱেশন

এ আইৰ দ্বাৰা জুবিন গাৰ্গৰ গীত বিকৃতিকৰণক লৈ তীব্ৰ প্ৰতিক্ৰিয়া, তেজপুৰত এজাহাৰ দাখিল

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details