আপোন ঘৰখনতে ৰৈ আছিল যম ! ধুমুহা-বৰষুণত গছ উভালি পৰি এজনৰ মৃত্যু - DIBRUGARH STORMS

🎬 Watch Now: Feature Video

thumbnail
ধুমুহা-বৰষুণত এজনৰ মৃত্যু (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : June 1, 2026 at 10:30 AM IST

2 Min Read
Choose ETV Bharat

ডিব্ৰুগড় : কাল কেতিয়া, কাৰ বাবে ৰৈ থাকে কোনেও নাজানে ! সুৰক্ষিত বুলি ভবা আপোন ঘৰখনতো আপোনাৰ বাবে ৰৈ থাকিব পাৰে যম ! তেনে এক ঘটনাই সংঘটিত হৈছে ডিব্ৰুগড়ৰ লাহোৱালৰ জগন্নাথ মন্দিৰৰ সন্মুখত ৷ দেওবাৰে অহা প্ৰচণ্ড বতাহ-ধুমুহাৰ ফলত এজোপা গছ উভালি পৰি এজন ২২ বছৰীয়া যুৱকে অকাল মৃত্যুক সাৱটিব লগা হয় । মৃত যুৱকজনৰ নাম সঞ্জয় তাঁতী ।

মৃত যুৱকজনে পৰিয়ালৰ সৈতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰে'লৱেৰ মাটিত অস্থায়ী হিচাপে বসবাস কৰি আছিল ৷ এই ঘটনা সংঘটিত হোৱাৰ পাছতে স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে যুৱকজনক জৰুৰীভাৱে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷

সঞ্জয় তাঁতীৰ পিতৃয়ে উল্লেখ কৰা মতে ঘৰখনৰ অৱস্থা ভাল নাছিল, যাৰ বাবে বতাহ-বৰষুণ আহিলে ঘৰৰ সলনি আন সুৰক্ষিত ঠাইত আশ্ৰয় ল’বলৈ কৈছিল ৷ গাঁৱৰে এগৰাকী মহিলাই কয়, ‘‘যেতিয়া ৰাতি বতাহ-বৰষুণ আহিছিল, সেই সময়ত সঞ্জয়ে ঘৰতে ভায়েকৰ লগত বহি কথা পাতি আছিল ৷ কিন্তু বতাহত ঘৰৰ কাষতে থকা এডাল গছ উভালি তেওঁলোকৰ ওপৰত পৰে, ফলত এই দুৰ্ঘটনাটো সংঘটিত হয় ৷’’

আন এগৰাকী লোকে কয়, ‘‘মৃত সঞ্জয় তাঁতীৰ ঘৰখনৰ অৱস্থা একেবাৰে বেয়া ৷ তেওঁৱে আছিল পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী ৷ সঞ্জয়ৰ মৃত্যুত পৰিয়ালটোৰ জীৱনলৈ অন্ধকাৰ নামি আহিছে ৷ এই ক্ষেত্ৰত চৰকাৰে কিবা এটা কৰিলে ভাল হয় ৷’’

লগতে পঢ়ক : বিগত ২৪ ঘণ্টাত ১৯ জনৰ মৃত্যু; ৰাজ্যত ধুমুহা-বৰষুণৰ তাণ্ডৱ, কেবাখনো জিলাত জাৰি হাই এলাৰ্ট

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details