দৰিদ্ৰতাক নেওচি উজলিল মাজুলীৰ বাঘগাঁৱৰ হীৰকজ্যোতি বৰা - MAJULI NEWS
🎬 Watch Now: Feature Video

Published : May 2, 2026 at 5:30 PM IST
মাজুলী : দাৰিদ্ৰতা যে শিক্ষা গ্ৰহণত হেঙাৰ হ'ব নোৱাৰে তাক পুনৰ প্ৰমাণ কৰি দেখুৱালে মাজুলীৰ এগৰাকী ছাত্ৰই । খহনীয়াগ্ৰস্ত নামনি মাজুলীৰ বাঘগাঁও অঞ্চলৰ হীৰকজ্যোতি বৰাই সদ্যঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত কলা শাখাত ৮৮ শতাংশ নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱাত অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । হীৰকজ্যোতিৰ এই শৈক্ষিক যাত্ৰা কিন্তু ইমান সহজ নাছিল । পৰিয়ালৰ আৰ্থিক অৱস্থা অতি শোচনীয় অৱস্থা । বিজ্ঞান শাখাত পঢ়াৰ প্ৰৱল হেঁপাহ আছিল যদিও অৰ্থৰ অভাৱত সেয়া সম্ভৱ হৈ নুঠিল ।
নামনি মাজুলী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়তে কলা শাখাত অধ্যয়ন কৰি হীৰকজ্যোতিয়ে গাঁওবাসীক গৌৰৱাম্বিত কৰিছে ৷ দৰিদ্ৰ পিতৃ-মাতৃয়ে আৰ্থিকভাৱে সহায় কৰিব নোৱাৰিলেও, মেধাৱী ছাত্ৰজনক এই যাত্ৰাত ছাঁৰ দৰে সংগ দিছিল তেওঁৰ জেঠায়েক আৰু পৰিয়ালৰ অন্যান্য সদস্যসকলে । পিতৃ-মাতৃৰ আৰ্থিক দুৰৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি জেঠায়েকে হীৰকৰ পঢ়া-শুনাৰ সকলো দায়িত্ব নিজৰ কান্ধত তুলি লয় ।
লগতে পঢ়ক:আনত নহয়, স্ব-ভূমিত কৰ্ম কৰি বজাৰ দখলৰ দিশত অগ্ৰসৰ এজন উদ্যমী যুৱক