মাজুলীত ১৫০০ লিটাৰ অবৈধ বিলাতী সুৰা ধ্বংস - ই টিভি ভাৰত অসম

🎬 Watch Now: Feature Video

thumbnail
মাজুলীত প্ৰায় ১৫০০ শ লিটাৰ অবৈধভাৱে বিক্ৰী কৰা বিলাতী সুৰা ধ্বংস (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : June 11, 2026 at 5:08 PM IST

1 Min Read
Choose ETV Bharat

মাজুলী: মাজুলী আৰক্ষীয়ে জব্দ কৰা প্ৰায় ১৫০০ লিটাৰ অবৈধ বিলাতী সুৰা আদালতৰ নিৰ্দেশ মৰ্মে বৃহস্পতিবাৰে দৰবাৰ চাপৰিত ধ্বংস কৰা হয় । জানিব পৰা মতে, নষ্ট কৰা এই সুৰাখিনিৰ বজাৰ মূল্য প্ৰায় ১৫ লক্ষাধিক টকা ৷ পোন প্ৰথমবাৰৰ বাবে মাজুলী আৰক্ষীয়ে এনেদৰে ধ্বংস কৰে বৃহৎ পৰিমাণৰ বিলাতী সুৰা ।

উল্লেখ্য যে, বিগত কেইবামাহ ধৰি মাজুলী আৰক্ষীয়ে জিলাখনত অবৈধভাৱে বিক্ৰী কৰা সুৰাৰ বিৰুদ্ধে অভিযান চলাই আহিছে । এই অভিযানত মাজুলীৰ বিভিন্ন স্থানৰ পৰা বৃহৎ পৰিমাণৰ অবৈধ সুৰা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে ।

মাজুলী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়, ‘‘যোৱা মাহকেইটাত জিলাখনত মাজুলী আৰক্ষীয়ে অবৈধভাৱে বিক্ৰী কৰা সুৰাৰ বিৰুদ্ধে অভিযান চলাইছিলো ৷ এই অভিযানত বৃহৎ পৰিমাণৰ সুৰা জব্দ কৰিবলৈও সক্ষম হৈছিলো । আজি আদালতৰ নিৰ্দেশ মৰ্মে আমি সেই অবৈধ সুৰাসমূহ ধ্বংস কৰিছো ।’’

তেওঁ লগতে কয়, ‘‘আগতকৈ এই অপৰাধ কমিছে যদিও আজিৰ তাৰিখত মাজুলীৰ কিছু কিছু স্থানত কিছু লোকে অবৈধভাৱে সুৰা বিক্ৰী কৰি আহিছে, সেই সকলৰ বিৰুদ্ধে অনাগত দিনত ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।’’

লগতে পঢ়ক : বিলাসী বাহনৰ পৰা ওলাল ছাগলী, সুৰা, উদ্ধাৰ লাখ টকাৰ সোণৰ অলংকাৰ

লগতে পঢ়ক : মহাৰাষ্ট্ৰত বিষাক্ত সুৰাই প্ৰাণ ল’লে কমেও ১৫ জনৰ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details