মাজুলীৰ বনগাঁৱত 'পাৰ্থেনিয়াম' সম্পৰ্কীয় সজাগতা সভা - ETV BHARAT ASSAM
🎬 Watch Now: Feature Video

Published : June 13, 2026 at 5:12 PM IST
মাজুলী : নদীদ্বীপ মাজুলীবাসীৰ জনস্বাস্থ্যলৈ নামিছে সংকট ! মাজুলীৰ বিভিন্ন ঠাইত এতিয়া দেখিবলৈ পোৱা গৈছে বিষাক্ত উদ্ভিদ 'পাৰ্থেনিয়াম' । নদীদ্বীপটোৰ পথৰ কাষৰ পৰা আৰম্ভ কৰি কৃষিপথাৰলৈকে বিস্তীৰ্ণ অঞ্চলত এই বিষাক্ত উদ্ভিদে ক্ৰমান্বয়ে চানি ধৰিছে । আনহাতে বিষয়টোক লৈ মাজুলী জিলা প্ৰশাসন তৎপৰ হোৱা দেখিবলৈ পোৱা গৈছে ।
শুকুৰবাৰে বনগাঁও পঞ্চায়তৰ অন্তৰ্গত কেইবাখনো গাঁৱৰ ৰাইজক এই বিষাক্ত উদ্ভিদৰ পৰা হ’ব পৰা ভয়াৱহ ৰোগৰ বিষয়ে সজাগ কৰা উদ্দেশ্য বনগাঁও গাঁও পঞ্চায়তত জুলী জিলা প্ৰশাসন আৰু কৃষি বিভাগৰ উদ্যোগত অসম কৃষি বিশ্ববিদ্যালয় আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগত বিষাক্ত পাৰ্থেনিয়াম সজাগতা সভা অনুষ্ঠিত হয় ।
সভাৰ অন্তত অসম কৃষি বিশ্ববিদ্যালয় আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়াই কয়, "পাৰ্থেনিয়ামে মানুহৰ স্বাস্থ্যৰ লগতে পশু বা পক্ষীৰ প্ৰতিও ভাবুকি কঢ়িয়াইছে ৷ পাৰ্থেনিয়ামৰ স্পৰ্শলৈ আহিলে মানুহ ছালৰ ৰোগ হোৱাৰ সম্ভাৱনা আছে ৷ সেয়ে পাৰ্থেনিয়াম গছ দেখিলে উভালি পেলাব লাগে আৰু ৰ'দত শুকুৱাই জ্বলাই দিব লাগে ৷"
লগতে পঢ়ক: সত্ৰপীঠ মাজুলীত বিয়পিছে বিষাক্ত অপতৃণ পাৰ্থেনিয়াম