শিৱসাগৰৰ বন্যাৰ্তৰ কাষত লাভলীনা বৰগোঁহাই, বন্যাৰ্তৰ ক্ৰন্দনত ম্ৰিয়মান খেলুৱৈগৰাকী
🎬 Watch Now: Feature Video

Published : August 7, 2026 at 7:23 PM IST
শিৱসাগৰ : শুকুৰবাৰে শিৱসাগৰৰ বানাক্ৰান্ত ৰাইজৰ মাজত উপস্থিত হয় আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন বক্সাৰ লাভলীনা বৰগোঁহাই । লাভলীনাই শিৱসাগৰৰ বিভিন্ন অঞ্চলৰ বানাক্ৰান্ত ৰাইজক সাক্ষাৎ কৰি সাহাৰ্য প্ৰদান কৰে । বিধ্বংসী বানৰ বাবে ৰাইজ কিমান দুৰ্ভোগত সেই কথা বৰ্ণনা কৰিব নোৱাৰি বুলি সাংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে লাভলীনাই ৷
বন্যাৰ্তক উদ্ধাৰ আৰু সাহাৰ্য বাবে অসম চৰকাৰ তথা মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা কৰে খেলুৱৈগৰাকীয়ে ৷ তেওঁ কয়,"মুখ্যমন্ত্ৰীয়ে দিনে ৰাতিয়ে বন্যাৰ্তক সহায়ৰ বাবে কাম কৰিছে ৷ তেওঁৰ দৰে এগৰাকী মুখ্যমন্ত্ৰী আমি পোৱাটো অসমৰ বাবে সৌভাগ্য ৷"
ইফালে ৰাইজৰ দুখ দেখি ম্ৰিয়মান খেলুৱৈগৰাকীয়ে কয়,"যাতে এনে দুৰ্যোগ যাতে আৰু নাহক ৷ কাৰো লগতে এই ধৰণৰ দুৰ্যোগ হ'ব নালাগে ৷ তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো ৷"
লগতে পঢ়ক: ৯ আগষ্টৰ পৰা উজনিৰ চাৰি জিলাত জৰীপ, ছেপ্টেম্বৰত স্পষ্ট হ'ব ক্ষয়-ক্ষতিৰ পৰিমাণ : মুখ্যমন্ত্ৰী