মৰাণৰ চেপন শ'লগুৰিত অচিনাক্ত বাহনৰ খুন্দাত নাহৰফুটুকীৰ মৃত্যু - LEOPARD BODY FOUND
🎬 Watch Now: Feature Video

Published : July 16, 2026 at 11:46 AM IST
ডিব্ৰুগড়: মৰাণৰ চেপন শ'লগুৰিত চেপন-চূণপোৰা পথত বুধবাৰে নিশা এটা মৃত নাহৰফুটুকী উদ্ধাৰ হয় । স্থানীয় ৰাইজৰ মতে, তীব্ৰ বেগত অহা অচিনাক্ত বাহনৰ খুন্দাত নাহৰফুটুকীটোৰ মৃত্যু ঘটে । বাহনখনে নাহৰফুটুকীটো খুন্দা মাৰি সেই ঠাইৰ পৰা পলায়ন কৰে ।
এই খবৰ জানিব পাৰি বুধবাৰে নিশাই ঘটনাস্থলীত বনবিভাগৰ লোক উপস্থিত হৈ মৃত নাহৰফুটুকীটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে । বন বিভাগৰ লোকে মৃত নাহৰফুটুকীটোৰ বয়স প্ৰায় তিনি বছৰ হ’ব বুলি অনুমান কৰিছে ।
উল্লেখযোগ্য যে, চৰাইদেউ আৰু ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰত বাঘৰ ত্ৰাসত বছৰৰ পাছত বছৰ ধৰি ৰাইজে সমস্যাত পৰিব লগা হৈছে । বাঘৰ ভয়ত সন্ধিয়া হ'লে কোনো লোক ঘৰৰ পৰা ওলাই নহা পৰিৱেশ সৃষ্টি হৈছে । দৈনিক বাঘে পোহনীয়া গৰু, ছাগলী, গাহৰিকে ধৰি জীৱ-জন্তু ভক্ষণ কৰি আহিছে । কিন্তু ইয়াৰ মাজতে ৰাজপথত মৃত নাহৰফুটুকীটো উদ্ধাৰ হোৱা ঘটনাই ৰাইজৰ মাজত উদ্বেগ বৃদ্ধি কৰিছে ।
এই ঘটনাক লৈ স্থানীয় এজন লোকে কয়, "আজি কিছু বছৰৰ পৰা আমাৰ অঞ্চলটোত বাঘৰ ত্ৰাস দেখি আহিছো । বন বিভাগৰ সহযোগত পিঞ্জৰা স্থাপন কৰি নাহৰফুটুকী পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হোৱা নাছিলো ৷ কিন্তু দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱা এটা নাহৰফুটুকী আজি উদ্ধাৰ হৈছে ।’’
বন বিভাগৰ এজন লোকে কয়, "নাহৰফুটুকী এটা গাড়ীৰে মহটিয়াই লৈ যোৱাৰ খবৰ পাইছিলো ৷ খবৰ পোৱাৰ মাত্ৰে আমি উক্ত স্থানত উপস্থিত হৈ মৃত নাহৰফুটুকীটো উদ্ধাৰ কৰো ৷ এই নাহৰফুটুকীটোৰ বয়স প্ৰায় 3 বছৰ হ’ব ৷"