কেৰালামত সন্ধানহীন বাক্সাৰ শ্ৰমিক - LABOUR OF BASKA MISSING IN KERALAM
🎬 Watch Now: Feature Video

Published : May 15, 2026 at 4:02 PM IST
বাক্সা: পুনৰ কেৰালামত সন্ধানহীন অসমৰ শ্ৰমিক । যোৱা ৯ মে’ত কোম্পানীত কাম কৰিব বুলি ঘৰৰ পৰা বন্ধুৰ লগত ওলাই যোৱা সঞ্জয় বড়ো (৪৫) নামৰ শ্ৰমিকজন ১২ মে’ৰ পৰা সন্ধানহীন হৈ আছে । বাক্সা জিলাৰ বৰমা বাটাচাৰা গাঁৱৰ এইজন শ্ৰমিক পালঘাট ৰে'ল ষ্টেচনৰ পৰা সন্ধানহীন হোৱাত পৰিয়ালৰ লোকসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হাছে ।
পৰিয়ালৰ লোকে উল্লেখ কৰা মতে, বৰমাৰ বাটাচাৰা গাঁৱৰ সঞ্জয় বড়োৱে যোৱা ৯ মে’ত কোম্পানীত কাম কৰাৰ উদ্দেশ্য়ে ঘৰৰ পৰা ওলাই গৈছিল ৷ ঘৰৰ পৰা ওলাই যোৱা সময়ত সুস্থ আছিল যদিও কেৰালাম পোৱাত অসুস্থ হৈ পৰে ৷ কোম্পানীৰ মালিকে দুৰ্বল হোৱা হেতুকে সঞ্জয়ক ঘৰলৈ ওভতাই পঠিয়ায় ৷ পালঘাট ৰে'ল ষ্টেচনৰ পৰাই হঠাৎ নিখোজ হয় সঞ্জয় বড়ো ৷ লগৰীয়াসকলে বহু বিচাৰ খোচাৰ কৰিও সন্ধান উলিয়াব নোৱাৰি স্থানীয় আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ৷
স্থানীয়লোকে কয় যে দুগৰাকী কন্যা সন্তানৰ পিতৃ সঞ্জয় বড়ো অমায়িক লোক আছিল ৷ প্ৰথমবাৰৰ বাবে ঘৰৰ পৰা ওলাই গৈছিল বহিঃৰাজ্যলৈ ৷ লগৰীয়াসকলে তেওঁক বিচাৰি আছে যদিও ভাষা বুজি নোপোৱাৰ কাৰণে কিছু সমস্যাৰ সৃষ্টি হৈছে ৷ এই সন্দৰ্ভত সঞ্জয়ৰ মাতৃয়ে কয়, "যোৱা ৯ মে’ত কোম্পানীত কাম কৰাৰ উদ্দেশ্যে কেৰালামলৈ গৈছিল । ঘৰৰ পৰা ওলাই যাওতে সুস্থ হৈ আছিল । পালঘাট ৰে'ল ষ্টেচনৰ পৰা সন্ধানহীন পৰে ।"
লগতে পঢ়ক:অৰুণাচলত কিয় নিখোঁজ হৈ থাকে অসমীয়া শ্ৰমিক? তিনিমাহ ধৰি নিৰুদ্দেশ গহপুৰৰ মানিক