ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদকেৰে উজলিল মাজুলীৰ জ্যোতিস্মান দত্ত - ইটিভি ভাৰত অসম

🎬 Watch Now: Feature Video

thumbnail
ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদকেৰে উজলিল মাজুলীৰ জ্যোতিস্মান দত্ত (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : June 12, 2026 at 7:08 PM IST

1 Min Read
Choose ETV Bharat

মাজুলী : ডেৰাডুনত অনুষ্ঠিত ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰি মাজুলীলৈ গৌৰৱ কঢ়িয়াই আনিলে জ্যোতিস্মান দত্তই । মাজুলীৰ কাৰাটে-দ্য একাডেমীৰ খেলুৱৈ তথা ন-অসমীয়া প্ৰাথমিক বিদ্যালয়ত চতুৰ্থ শ্ৰেণীত অধ্যয়নৰত জ্যোতিস্মান দত্ত ।

উত্তৰাখণ্ডৰ কাৰাটে এছ'চিয়েশ্যনৰ উদ্যোগত ডেৰাডুনত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰাটে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে জ্যোতিস্মান দত্তই । নিজৰ একাগ্ৰতা, অধ্যৱসায় আৰু কঠোৰ পৰিশ্ৰমৰ বলত জ্যোতিস্মানে এই সফলতা লাভ কৰিবলৈ সক্ষম হয় ।

মাজুলী কাৰাটে-দ্য একাডেমীৰ পৰিচালক তথা প্ৰশিক্ষক কাৰ্তিক সৰকাৰৰ তত্ত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰি ৰাষ্ট্ৰীয় মঞ্চত জিলিকি উঠিবলৈ সক্ষম হৈছে জ্যোতিস্মান । জ্যোতিস্মানৰ এই কৃতিত্বই সমগ্ৰ মাজুলীবাসীক গৌৰৱান্বিত কৰি তুলিছে ।  

শুকুৰবাৰে জ্যোতিস্মান দত্তই অধ্যয়ন কৰা কমলাবাৰীৰ ন-অসমীয়া প্ৰাথমিক বিদ্যালয়ত গামোচাৰে সম্বৰ্ধনা জনায় বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে মাতৃগোটৰ সদস্যাসকলে ।

লগতে পঢ়ক :লাভলীনাৰ খোজত খোজ দি বিশ্বজয়ৰ লক্ষ্যৰে আগবাঢ়িছে নগাঁৱৰ আস্থা

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details