দেৰগাঁৱত পথ দুৰ্ঘটনা সাংবাদিক-শিক্ষক ৰাতুল বৰাৰ মৃত্যু - ROAD ACCIDENT

🎬 Watch Now: Feature Video

thumbnail
শোকাৱহ পথ দুৰ্ঘটনাৰ প্ৰত্যক্ষদৰ্শী (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : April 20, 2026 at 5:21 PM IST

1 Min Read
Choose ETV Bharat

যোৰহাট : দেৰগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে পুৱা সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত এজন ব্যক্তিৰ থিতাতে মৃত্যু হয় । নিহত ব্যক্তিগৰাকী দেৰগাঁৱৰ কুমাৰ গাঁৱৰ নিবাসী তথা ‘দৈনিক অসম’ৰ সংবাদদাতা আৰু ৰাখেৰাজ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ৰাতুল বৰা (৫৬) বুলি চিনাক্ত কৰা হৈছে । 

আজি পুৱা প্ৰায় ৮.৩০ বজাত নিজৰ এ এছ ০৩ পি ৬৬৪৫ নম্বৰৰ মটৰচাইকেলখনেৰে নিজৰ গৃহৰ পৰা কৰ্মস্থলী অভিমুখে গৈ থকা অৱস্থাত RJ 05 GA 7942 নম্বৰৰ ট্ৰাকখনে তেওঁক মহটিয়াই নিয়ে । ফলত ঘটনাস্থলীতে মৃত্যুক সাবটি লয় সাংবাদিক-শিক্ষক ৰাতুল বৰাই । ইয়াৰ পাছতেই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে আৰু এই ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত এখন ট্ৰাক আৰক্ষীয়ে জব্দ কৰে ৷ এজন নিষ্ঠাৱান শিক্ষক তথা সংবাদকৰ্মীৰ এনে আকস্মিক বিয়োগত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে ।

লগতে পঢ়ক : ৫ মাহ পূৰ্বে মৃত্যু; কন্যাৰ কংকালৰ সৈতে একেটা ঘৰতে কি কৰিছিল বৃদ্ধ পিতৃয়ে ? 

ABOUT THE AUTHOR

...view details