যোৰহাটৰ অন্বেষাকাণ্ডৰে জড়িত দুই অভিযুক্ত যুৱতীক ন্যায়িক জিন্মালৈ প্ৰেৰণ

🎬 Watch Now: Feature Video

thumbnail
যোৰহাটৰ অন্বেষাকাণ্ডৰে জড়িত দুই অভিযুক্ত যুৱতীক ন্যায়িক জিন্মালৈ প্ৰেৰণ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : August 22, 2026 at 7:42 AM IST

2 Min Read
Choose ETV Bharat

যোৰহাট : অনুশোচনাত দগ্ধ যোৰহাটৰ অন্বেষাকাণ্ডৰ সৈতে জড়িত দুই যুৱতীৰ ৷ সংবাদ মাধ্যমৰ আগত নিজকে দুয়ো নিৰ্দোষী বুলি স্বীকাৰ কৰে ৷ এই ঘটনাৰ সৈতে জড়িত থকা অভিযোগত অভিযুক্ত অৰ্পিতা কাকতি আৰু মনালিছা নাথৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ শেষ হোৱাত আদালতে দুয়োকে শুকুৰবাৰে জেইল হাজোতলৈ প্ৰেৰণ কৰে । দুয়োগৰাকী অভিযুক্তই ন্যায়ালয়ত জামিন আবেদন কৰিছিল যদিও যোৰহাট সত্ৰ ন্যায়ধীশ আদালতে তেওঁলোকৰ জামিন নাকচ কৰে ৷

অৰ্পিতাৰ দাবী- ‘‘মই নিৰ্দোষী ।’’ ইফালে মনালিছাই কয়, ‘‘তাই(অন্বেষা) হাতত নহয় ভৰিত ড্ৰাগছ লয় ৷ সেইদিনা ড্ৰাগছ লোৱাৰ সময়ত তাই আৰিয়ানৰ ৰুমলৈ পিন্ধি যোৱা জিন্সটো খুলি তাৰ(আৰিয়ান) হাফপেণ্ট এটা পিন্ধিছিল ৷ যেতিয়া তাই অচেতন হৈ গ’ল, তেতিয়া তাইক আমি দাঙি আনিব পৰা নাছিলো ৷ শৰীৰৰ অংশবোৰ ফুলি গৈছিল । তাইক আৰিয়ানে নিমখ খুৱাই দিছিল, আমি বচাবলৈ চেষ্টা কৰিছিলো । আৰিয়ন ৰুমলৈ অংকিত দাসো আহিছিল ৷ যেতিয়া অন্বেষা মুৰ্মষ হৈ পৰি গৈছিল তেতিয়া অংকিত দাস ৰুমত নাছিল ।’’

উল্লেখ্য যে এতিয়াও ওৰ পৰা নাই ১৫ আগষ্ট নিশা যোৰহাটৰ গৌৰী এপাটমেণ্টৰ ব্লক বি-ৰ ২ নং কোঠাত প্ৰকৃততে  কি হৈছিল ? ইতিমধ্যে গৌৰী এপাটমেণ্টৰ বন্ধ কোঠা তলা খুলি ফৰেঞ্চিকৰ দলে নমুনা সংগ্ৰহ কৰিলে ৷ এই কোঠাৰ পৰা দলটোৱে বহু আপত্তিজনক সামগ্ৰী আৰু ক্লু উদ্ধাৰ কৰিছে বুলি জানিবহ পৰা গৈছে ৷

লগতে পঢ়ক : তাই অ'ভাৰ ড'জ লৈ মৰিছে... বাধা দিবলৈ আমি তাইৰ মাক নহয়: যোৰহাটৰ ড্ৰাগছকাণ্ডৰ অভিযুক্ত যুৱতীৰ বেপৰোৱা ভাষ্য

লগতে পঢ়ক : যুৱতীৰ ৰহস্যজনক মৃত্যু: আৰক্ষীৰ জালত আৰু এজন