প্ৰধানমন্ত্ৰীৰ দীৰ্ঘায়ু কামনা কৰি হৰি মন্দিৰত নাম-প্ৰসংগ - নলবাৰী
🎬 Watch Now: Feature Video

Published : June 10, 2026 at 8:22 PM IST
নলবাৰী : ভাৰতৰ ইতিহাসত আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ বাবে নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে স্বীকৃতি লাভ কৰিলে নৰেন্দ্ৰ মোদীয়ে । প্ৰধানমন্ত্ৰী মোদীৰ এই কৃতিত্বক লৈ আনন্দিত বিজেপি দল আৰু দলীয় নেতা-কৰ্মীসকল । প্ৰধানমন্ত্ৰীৰ দীৰ্ঘায়ু কামনা কৰি ঠায়ে ঠায়ে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে । নলবাৰীৰ ঐতিহাসিক হৰি মন্দিৰতো প্ৰধানমন্ত্ৰীৰ সুস্বাস্থ্য আৰু কৰ্ম প্ৰেৰণাৰ বাবে শক্তি লাভৰ উদ্দেশ্যে নাম-প্ৰসংগ কৰা হয় । য'ত উপস্থিত থাকে অসমৰ বিত্ত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা ।
নাম-প্ৰসংগৰ পূৰ্বে পত্নীৰ সৈতে উপস্থিত হৈ জয়ন্ত মল্লবৰুৱাই হৰি মন্দিৰত চাকি বন্তি জ্বলায় । নলবাৰীৰ দলীয় নেতা-কৰ্মীসকলেও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে । প্ৰধানমন্ত্ৰীৰ দীৰ্ঘায়ু কামনা কৰি জয়ন্ত মল্লবৰুৱাই কয়, "আজিৰ এই পৱিত্ৰ দিনটোত আমি সকলোৱে ধৰ্মীয় অনুষ্ঠানত গৈ তেওঁৰ সুস্বাস্থ্য কামনা কৰিছোঁ । ভগৱানৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ ভগৱানে তেওঁক শক্তি দিয়ক । প্ৰতিটো বুথৰ দলীয় কৰ্মীসকলে প্ৰধানমন্ত্ৰীৰ দীৰ্ঘায়ু কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে । ইফালে নতুনকৈ লাভ কৰা বিত্ত বিভাগৰ দায়িত্ব সম্পৰ্কে তেওঁ কয় যে ৰাইজৰ মূৰৰ ওপৰত কৰৰ বোজা জাপি নিদিয়াকৈ ৰাজহ বৃদ্ধিৰ লক্ষ্য লৈ এইবাৰ বাজেট প্ৰস্তুত কৰিবলৈ প্ৰচেষ্টা চলাই থকা হৈছে ।
লগতে পঢ়ক :
সৰ্বাধিক কাৰ্যকালৰ প্ৰধানমন্ত্ৰী : মোদী বন্দনাত মুখৰিত সমগ্ৰ বিশ্ব