বৰপেটাত জন ভাগিদাৰী অভিযান: জনজাতীয় লোকৰ সৰ্বাংগীন উন্নয়নেই প্ৰশাসনৰ লক্ষ্য - JAN BHAGIDARI CAMPAIGN
🎬 Watch Now: Feature Video

Published : May 18, 2026 at 3:55 PM IST
বৰপেটা: ভাৰত চৰকাৰৰ জনজাতি পৰিক্ৰমা বিভাগৰ অধীনত ৰূপায়ণ কৰা চলিত বৰ্ষৰ জনজাতি গৰিমা উৎসৱৰ অংশ হিচাপে সোমবাৰে বৰপেটা জিলাত জন ভাগিদাৰী অভিযান আৰম্ভ কৰা হয় । জিলাখনৰ চেঙা উন্নয়ন খণ্ডৰ অধীনৰ সুবাত এই কাৰ্যসূচী মুকলি কৰে জিলা আয়ুক্ত ৰোহণ কুমাৰ ঝাই । সুবাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি এখন প্ৰদৰ্শনীৰো আয়োজন কৰা হয় । য’ত কৃষি, স্বাস্থ্য, ক্ৰীড়া আদিকে ধৰি চৰকাৰৰ বিভিন্ন বিভাগসমূহে অংশগ্ৰহণ কৰে ।
উল্লেখ্য যে, সমাজৰ অন্তিমজন জনজাতীয় লোকৰ ওচৰলৈ চৰকাৰৰ জনকল্যাণকামী আঁচনিবোৰ লৈ যোৱাই হ'ল এই অভিযানৰ লক্ষ্য । বৰপেটা জিলাত অভিযান মুকলি কৰি জিলা আয়ুক্ত ৰোহন কুমাৰ ঝাই কয়, ‘‘জিলাখনত বাস কৰা জনজাতীয় লোকসকলৰ ওচৰলৈ এই অভিযান লৈ যোৱা হ’ব । ইয়াৰ জৰিয়তে জনজাতীয় লোকসকলৰ সৰ্বাংগীন বিকাশ তথা উন্নয়ন সাধন কৰাই হ'ল বৰপেটা জিলা প্ৰশাসনৰ লক্ষ্য ।’’