৫ জিলাৰ ১১০ প্ৰতিযোগীৰ অংশগ্ৰহণেৰে বঙাইগাঁৱত আন্তঃবিদ্যালয় দবা প্ৰতিযোগিতা - BONGAIGAON CHESS COMPETITION
🎬 Watch Now: Feature Video

Published : July 7, 2026 at 4:24 PM IST
বঙাইগাঁও: বঙাইগাঁও জিলা দবা সন্থাৰ উদ্যোগত সোমবাৰে তৃতীয় আন্তঃবিদ্যালয় দবা প্ৰতিযোগিতাৰ আয়োজন কৰা হয় ৷ বীৰঝৰা ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজিত উক্ত প্ৰতিযোগিতাত বঙাইগাঁৱৰ লগতে বৰপেটা, গোৱালপাৰা, চিৰাং, কোকৰাঝাৰ আৰু ধুবুৰী জিলাৰ ১১০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ৷
প্ৰথমৰ পৰা চতুৰ্থ শ্ৰেণীৰ মাজত অনুষ্ঠিত প্ৰতিযোগিতাত ল'ৰাৰ শাখাত প্ৰথম তনয়জিৎ চক্ৰৱৰ্তী, দ্বিতীয় ৰিংখা হতৰগিৰি বড়ো আৰু তৃতীয় স্থান শ্ৰেয়াশ নাথে দখল কৰাৰ বিপৰীতে ছোৱালীৰ শাখাত প্ৰথম অচমিতা ঘোষ, দ্বিতীয় শ্ৰুতিকা শিৱম আৰু কৃতিকা দাসে তৃতীয় স্থান দখল কৰে ৷
পঞ্চমৰ পৰা অষ্টম শ্ৰেণীৰ মাজত অনুষ্ঠিত প্ৰতিযোগিতাত ল'ৰাৰ শাখাত প্ৰথম ময়ুৰীশ কুমাৰ দাস, দ্বিতীয় ভাৰ্গিয়াৰাজ মালাকাৰ আৰু তৃতীয় জয় আদিত্য ভাচিনৰ বিপৰীতে ছোৱালীৰ শাখাত প্ৰথম দেবাংগী বৰুৱা, দ্বিতীয় কুইন দাস আৰু ঋতিকা নাথে তৃতীয় স্থান দখল কৰে ।
অষ্টমৰ পৰা দ্বাদশ শ্ৰেণীৰ মাজত অনুষ্ঠিত প্ৰতিযোগিতাত ল'ৰাৰ শাখাত প্ৰথম আনিশ কুমাৰ চৌধুৰী, দ্বিতীয় প্ৰজ্ঞান চৌধুৰী আৰু তৃতীয় দিগন্ত চৌধুৰীৰ বিপৰীতে ছোৱালীৰ শাখাত প্ৰথম অনিন্দিতা ঘোষ, দ্বিতীয় উমা ডুবে আৰু মৌনিতা বিশ্বাসে তৃতীয় স্থান দখল কৰে ৷
নৱনিযুক্ত বঙাইগাঁও জিলা আয়ুক্ত লক্ষীনন্দন চহৰীয়া আৰু বঙাইগাঁও জিলা পৰিষদৰ সভানেত্ৰী মৃদুলা সিংহই বিজয়ীসকলক পুৰস্কাৰ প্ৰদান কৰে । আৰম্ভণিতে বঙাইগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক পল্লৱী মেধিয়ে প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৷