নাহৰফুটুকীৰ আক্ৰমণত আহতজনৰ মৃত্যু, চিকিৎসালয়ত মন্ত্ৰী অতুল বৰা - বাঘৰ আক্ৰমণ

🎬 Watch Now: Feature Video

thumbnail
নাহৰফুটুকীৰ আক্ৰমণত আহত অশ্বিনী পেগু চিকিৎসালয়ত মৃত্যু (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : July 7, 2026 at 2:40 PM IST

|

Updated : July 7, 2026 at 2:47 PM IST

1 Min Read
Choose ETV Bharat

যোৰহাট: সাতদিনৰ পূৰ্বে বোকাখাতৰ লহৰে চাপৰিত নাহফুটুকীৰ আক্ৰমণত আহত হৈছিল চাৰিজনকৈ লোক ৷ আহতসকলৰ ভিতৰত আছিল অশ্বিনী পেগু, হেমপ্ৰসাদ কামান, দেৱৰঞ্জন কামান আৰু মেনি পাৱয়ে ৷ আহত আটাইকেইজনক উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসালয় মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ কিন্তু মঙলবাৰে পুৱতি নিশা সাতদিন জীৱন-মৃত্যুৰে যুঁজি চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় বাঘৰ আক্ৰমণত আহত অশ্বিনী পেগু নামৰ লোকজন ৷

ইফালে মঙলবাৰে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ বাঘৰ আক্ৰমণত আহতসকলৰ খৰব ল'লে মন্ত্ৰী অতুল বৰাই ৷ বাঘৰ আক্ৰমণত আহত আটাইকেইজনকে সহায়, সহযোগিতাৰ আশ্বাস দিয়ে মন্ত্ৰী বৰাই । উল্লেখ্য যে, বোকাখাটৰ একাংশ অঞ্চলত বন্যজন্তুৱে সন্ত্ৰাস চলাই ঘৰচীয়া জন্তু ভক্ষণ কৰা লগতে মানুহকো আক্ৰমণ কৰে ৷ ফলত ভিন্ন সময়ত বহু লোকৰ মৃত্যু ঘটনা সংঘটিত হৈছে ৷

লগতে পঢ়ক : জোনাইত লেকু নদীত তীব্ৰ খহনীয়া: খহনীয়াত জাহ গৈছে 'পবা'ৰ বহু মূল্যৱান গছ-গছনি, নাৰ্চাৰী

Last Updated : July 7, 2026 at 2:47 PM IST

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details