নতুন ৰূপেৰে উদ্ভাসিত বড়োলেণ্ড আন্দোলনৰ শ্বহীদ সমাধিক্ষেত্ৰ - ইটিভি ভাৰত অসম
🎬 Watch Now: Feature Video

Published : July 17, 2026 at 9:03 PM IST
কোকৰাঝাৰ: বড়োলেণ্ড আন্দোলনৰ শ্বহীদসকলৰ স্মৃতি সংৰক্ষণ আৰু সমাধিক্ষেত্ৰৰ সৌন্দৰ্যবৃদ্ধিৰ লক্ষ্যৰে কোকৰাঝাৰ চহৰৰ সমীপৱৰ্তী দেৱৰগাঁৱৰ বড়োলেণ্ড আন্দোলনৰ শ্বহীদ সমাধিক্ষেত্ৰত নিৰ্মাণ কৰা নতুন ষ্টীল ৰেলিং শুকুৰবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিটিচিৰ পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য ধীৰাজ বৰগয়াৰীয়ে ।
উদ্বোধনী অনুষ্ঠানত বিটিচিৰ পৰ্যটন বিভাগৰ সচিব অনছুলা বসুমতাৰী, বিভাগীয় মুৰব্বী বিষয়া জয়ন্ত শৰ্মা, সহকাৰী পৰ্যটন বিষয়া ভূমা ৰাণী ব্ৰহ্মৰ লগতে বিভাগীয় বিষয়া-কৰ্মচাৰী, অ'লংবাৰ ট্ৰাষ্টৰ প্ৰতিনিধি আৰু বহু সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে ।
অনুষ্ঠানৰ পিছত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত কাৰ্যবাহী সদস্য ধীৰাজ বৰগয়াৰীয়ে কয়,"দেৱৰগাঁৱৰ বড়োলেণ্ড আন্দোলন শ্বহীদ সমাধিক্ষেত্ৰত বড়োলেণ্ড আন্দোলনত আত্মবলিদান দিয়া ২,৬২৪ গৰাকী শ্বহীদৰ স্মৃতিফলক সংৰক্ষিত হৈ আছে । এই শ্বহীদসকলৰ আত্মত্যাগৰ ফলতেই আজি বিটিচিৰ সৃষ্টি হৈছে । সেয়েহে বিটিচি চৰকাৰে শ্বহীদ পৰিয়ালসকলক সদায় সন্মান আৰু প্ৰাপ্য মৰ্যাদা প্ৰদান কৰি যাব ।"
উল্লেখ্য যে সমাধিক্ষেত্ৰখনত নিৰ্মাণ কৰা নতুন ষ্টীল ৰেলিঙৰ কাম অ'লংবাৰ ট্ৰাষ্ট নামৰ এটা বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থাই সম্পন্ন কৰিছে । সংস্থাটোৱে জনোৱা মতে, সমাধিক্ষেত্ৰখনৰ পৰিচালনা, সংৰক্ষণ আৰু উন্নয়নৰ ক্ষেত্ৰত আগন্তুক সময়ত আৰু কেইবাটাও নতুন পদক্ষেপ গ্ৰহণ কৰা হ'ব ।