পহিলা মাঘত লোকাৰণ্য ষাঠিকুছিৰ জয়হৰি পিতাৰ থান - SRI SRI JAIHARI PITAR THAN
🎬 Watch Now: Feature Video

Published : January 15, 2026 at 7:01 PM IST
বাক্সা: আজি পহিলা মাঘ । ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মন্দিৰসমূহত দেখিবলৈ পোৱা গৈছে ৰাইজৰ ভিৰ । ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালভাৱে নলবাৰী জিলাৰ গোবৰাদলত বৃহস্পতিবাৰৰ পৰা জয়হৰি পিতাৰ থানত অনুষ্ঠিত হৈছে ৩৩ সংখ্যক ধৰ্মীয় সভা মহোৎসৱ ।
প্ৰতিবছৰে পহিলা মাঘত জয়হৰি পিতাৰ থানত অনুষ্ঠিত হৈ আহিছে গৰখীয়া সেৱা অনুষ্ঠান । এই অনুষ্ঠানত ১২১ গৰাকী গৰখীয়াক সেৱা কৰা হয় । অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্ত দৰ্শনাৰ্থীয়ে ভিৰ কৰিছে ষাঠিকুছিৰ জয়হৰি পিতাৰ থানত ।
জয়হৰি পিতাৰ থানৰ পদাধিকাৰ গণেশ তামুলীয়ে কয়, "জয়হৰি পিতাৰ থানত এগছি বন্তি জ্বলালে ভক্তৰ মনোকামনা পূৰ্ণ হয় আৰু ভক্তসকলে সেই আশা পূৰ্ণ হোৱা বুলি এই স্থানত প্ৰতি বছৰে অসমৰ বিভিন্ন স্থানৰ পৰা আহে ৷ ইয়াত ১২১ গৰাকী গৰখীয়াক সেৱা শুশ্ৰূষা কৰাৰ নিয়ম আছে ৷ ইয়াৰ দ্বাৰা আমি একতা স্থাপন কৰিব পাৰিম বুলি আশা কৰিব পাৰোঁ ৷"