বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যুগত নাম-কীৰ্তনৰে ভগৱন্তৰ চৰণত শিৱম ট্ৰান্সকন প্ৰাইভেট লিমিটেডে

🎬 Watch Now: Feature Video

thumbnail
নাম-কীৰ্তনৰে ভগৱন্তৰ চৰণত শিৱম ট্ৰান্সকন প্ৰাইভেট লিমিটেডে (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : April 24, 2026 at 8:09 PM IST

1 Min Read
Choose ETV Bharat

জোনাই : বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যুগত ভগৱানেই শেষ ভৰসা এতিয়া এটা পকী দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ ৷ "অপৰাধ বিনাশন তযু নামে নাৰায়ণ..." ঘোষাৰে ভগৱন্তৰ চৰণত সেৱা লৈছে শিৱম ট্ৰান্সকন প্ৰাইভেট লিমিটেডেৰ কৰ্তৃপক্ষই ৷ কিয়নো জোনাইৰ চিচিবৰগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত নিলখ-বালিজান সংযোগী গাই নৈৰ ওপৰত ৫৬ কোটি টকা ব্যয়েৰে পকী দলং নিৰ্মাণৰ কাম কৰি আছিল কোম্পানীটোৱে ৷ কিন্তু সম্পূৰ্ণ নৌহওঁতে ভাঙিল দলংখনৰ গাডাৰ ৷ বাৰে বাৰে হোৱা অঘটনৰ পৰা ৰক্ষা পাবলৈ ভগৱন্তৰ ওচৰত শৰণাপন্ন হৈছে কোম্পেনীটোৰ কৰ্তৃপক্ষ ৷

এই সন্দৰ্ভত স্থানীয় লোকে কয়,"ৰাইজৰ বাবে অতি প্ৰয়োজনীয় দলংখন নিৰ্মাণৰত অৱস্থাতে ভিন্ন অঘটন হৈছে ৷ সেয়ে শিৱম ট্ৰান্সকন প্ৰাইভেট লিমিটেডেৰ কৰ্তৃপক্ষৰ অনুৰোধ মৰ্মে স্থানীয় ৰাইজে মিলি দিনজোৰা কাৰ্যসূচীৰে ভাগৱত পাঠ, দিহানাম আৰু নিশালৈ ভাওনাৰ আয়োজন কৰা হৈছে ৷ সেয়ে আজি মাংগলিক কাৰ্যসূচী ৰূপায়ন কৰা হৈছে ৷"

লগতে পঢ়ক:বাৰিষাৰ পূৰ্বে লাহৰীঘাটত খহনীয়াই লৈছে ভয়াবহ ৰূপ, জাহ যোৱাৰ উপক্ৰম কেইবাখনো গাঁও