অসমীয়া বিষয়ত ১০০ নম্বৰ; সংখ্যালঘু অঞ্চলত আকৰ্ষণীয় ফলাফল - HSLC RESULTS 2026

🎬 Watch Now: Feature Video

thumbnail
সংখ্যালঘু অঞ্চলত আকৰ্ষণীয় ফলাফল (ETV Bharat)

By ETV Bharat Assamese Team

Published : April 11, 2026 at 10:27 AM IST

1 Min Read
Choose ETV Bharat

কলিয়াবৰ: হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলে নগাঁৱৰ কলিয়াবৰত আনন্দৰ জোৱাৰ তুলিছে । পিছপৰা অঞ্চলটোত এইবাৰ ফলাফল আশাব্যঞ্জক হৈছে । শুকুৰবাৰে ফলাফল ঘোষণাৰ পিছতে অঞ্চলটোৰ অসমীয়া মাধ্যমৰ বৰঘূলী জাতীয় বিদ্যালয়তো উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে । সংখ্যালঘু অধ্যুষিত অঞ্চলৰ অসমীয়া মাধ্যমৰ বিদ্যালয়ত অৱতীৰ্ণ হোৱা দুগৰাকী পৰীক্ষাৰ্থীয়ে অসমীয়া বিষয়ত ১০০ নম্বৰ লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে । ফৌজানা খানম আৰু ৱাছিম আক্ৰমে অসমীয়া বিষয়ত ১০০ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে । বৰঘূলী জাতীয় বিদ্যালয়খনৰ পৰা এইবাৰ অৱতীৰ্ণ হৈছিল ৭৮ গৰাকীকৈ শিক্ষাৰ্থী । তাৰ ভিতৰত এজনে ডিষ্টিংশ্যন আৰু ৫ জনে ষ্টাৰ নম্বৰ লাভ কৰাৰ লগতে ১৫ গৰাকী শিক্ষাৰ্থীয়ে প্ৰথম বিভাগত উৰ্ত্তীণ হৈছে । অঞ্চলটোৰ ফলাফল সন্দৰ্ভত এগৰাকী স্থানীয় লোকে কয়, "এনেকুৱা পিছপৰা অঞ্চলৰ পৰা গৈ অসমীয়া বিষয়ত ১০০ নম্বৰ পাই অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে ।"

লগতে পঢ়ক :

অহা বৰ্ষৰ পৰা গ্ৰেণ্ড চিষ্টেমত ঘোষণা হ'ব মেট্ৰিকৰ ফলাফল : ঘোষণা অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ অধ্যক্ষৰ

ABOUT THE AUTHOR

...view details