মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণৰ হাৰেৰে ৰাজ্যৰ ভিতৰত দ্বিতীয় স্থান শিৱসাগৰ জিলাৰ - HSLC EXAM RESULTS 2026

🎬 Watch Now: Feature Video

thumbnail
মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণৰ হাৰেৰে ৰাজ্যৰ ভিতৰত দ্বিতীয় স্থান শিৱসাগৰ জিলাৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : April 10, 2026 at 12:28 PM IST

1 Min Read
Choose ETV Bharat

শিৱসাগৰ : শুকুৰবাৰে ঘোষণা হয় অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত অনুষ্ঠিত হোৱা ২০২৬ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল । হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ঘোষিত ফলাফল অনুসৰি উত্তীৰ্ণৰ হাৰৰ ক্ষেত্ৰত দ্বিতীয় স্থান লাভ কৰিছে শিৱসাগৰ জিলাই ।  

শিৱসাগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ডঃ সমীৰণ বৰাই প্ৰকাশ কৰা তথ্য অনুসৰি, জিলাখনত ৩২ টা শিক্ষা কেন্দ্ৰত মুঠ ৮,৭২৬ গৰাকী শিক্ষাৰ্থী এইবাৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল । ইয়াৰে ৩,০০৬ গৰাকী প্ৰথম বিভাগত, ৩,৫৩৯ গৰাকী দ্বিতীয় বিভাগত আৰু ৭৯২ গৰাকী তৃতীয় বিভাগত উত্তীর্ণ হয় ।  

সৰ্বমুঠ ৭,৩৩৭ গৰাকী পৰীক্ষাৰ্থী জিলাখনৰ পৰা উত্তীর্ণ হয় । উত্তীৰ্ণৰ হাৰ হৈছে ৮৪.০৮ শতাংশ । জিলাখনত বিগত বৰ্ষত উত্তীৰ্ণৰ হাৰ আছিল ৮১.২৪ শতাংশ ।

উল্লেখ্য যে, ২০২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ ৪,২৯,২৪৯ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল  ৷ ইয়াৰে ভিতৰত ছাত্ৰৰ সংখ্যা হৈছে ১,৮৬,৪৬৮ গৰাকী আৰু ছাত্ৰীৰ সংখ্যা ২,৪২,৭৮১ গৰাকী । মুঠ ৪,২৯,২৪৯ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ সংখ্যা হৈছে ২,৮১,৭০১ গৰাকী ৷ উত্তীৰ্ণৰ হাৰ হৈছে ৬৫.৬২ শতাংশ ৷

লগতে পঢ়ক :মেট্ৰিকৰ ফলাফল ঘোষণা: ২,৮১,৭০১ গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ সমগ্ৰ ৰাজ্যত, উত্তীৰ্ণৰ হাৰ ৬৫.৬২ শতাংশ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details