মালবাহী ট্ৰাকত প্ৰচণ্ড খুন্দা যাত্ৰীবাহী টাটা মেজিকৰ, শিশুসহ পাঁচগৰাকী আহত - HORRIBLE ROAD ACCIDENT AT MORAN
🎬 Watch Now: Feature Video

Published : June 3, 2026 at 8:57 PM IST
ডিব্ৰুগড়: বুধবাৰে সন্ধিয়াৰ ভাগত মৰাণৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ মৰাণৰ ঝলমত এখন যাত্ৰীবাহী টাটা মেজিক বাহনে এখন মালবাহী ট্ৰাকত খুন্দা মাৰে ৷ ফলত শিশু-মহিলাসহ পাঁচগৰাকী যাত্ৰী আহত হয় । জানিব পৰা মতে AS 04 CC 1872 নম্বৰৰ যাত্ৰীবাহী টাটা মেজিক বাহনখনে ধেমাজিৰ চিলাপথাৰৰ পৰা ডিমৌৰ দিশে গৈ আছিল ৷
সেই সময়তে একে দিশেৰে গৈ থকা এখন ট্ৰাকৰ পিছফালে খুন্দা মাৰে যাত্ৰী কঢ়িয়াই নিয়া বাহনখনে ৷ ফলত চালকসহ পাঁচগৰাকী লোক আহত হয় ৷ আহতসকলক ততাতৈয়াকৈ মৰাণ-তিলৈ সামূহিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । ইয়াৰে ভিতৰত গুৰুতৰভাৱে আহত টাটা মেজিকখনৰ চালক জিণ্টু মহন, যাত্ৰী জেতুকী দাস, বসন্ত দাস আৰু আইমণি দাসক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয় ৷
ঘটনাক লৈ মৰাণ-তিলৈ সামূহিক চিকিৎসালয়ৰ চিকিৎসকে কয়, "মৰাণৰ ঝলমত দুখন গাড়ীৰ মাজত এই ঘটনাটো সংঘটিত হয় । ফলত টাটা মেজিকখনৰ চালক জিণ্টু মহনৰ অৱস্থা অতি শোচনীয় । তেওঁ সুৰাপান কৰি থকা যেন লাগিছে । গুৰুতৰভাবে আহত চাৰিগৰাকীক ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ লৈ প্ৰেৰণ কৰা হৈছে ।"
লগতে পঢ়ক:হাতীৰ শুৰ কাটি নিয়া ছেলভেচন ধৰা পৰিল