দশম অসম আৰক্ষী বেটেলিয়নৰ মুখ্য কাৰ্যালয়ৰ আধাৰশিলা স্থাপন গৃহমন্ত্ৰী অমিত শ্বাহৰ LIVE - AMIT SHAH IN KACHUTOLI

🎬 Watch Now: Feature Video

thumbnail
গৃহমন্ত্ৰী অমিত শ্বাহৰ LIVE (@AmitShah X)

By ETV Bharat Assamese Team

Published : February 21, 2026 at 2:28 PM IST

|

Updated : February 21, 2026 at 3:28 PM IST

1 Min Read
Choose ETV Bharat

অসমত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আজি দ্বিতীয়টো দিন ৷ গুৱাহাটীৰ সৰুসজাইস্থিত অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চি আৰ পি এফ)ৰ 87 সংখ্যক প্ৰতিষ্ঠা দিৱস পেৰেড অনুষ্ঠানৰ পাছতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী উপস্থিত হয় গুৱাহাটীৰ সমীপৰ সোণাপুৰৰ কচুতলীত ৷ কচুতলীত দশম অসম আৰক্ষী বেটেলিয়নৰ মুখ্য কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰে গৃহমন্ত্ৰী শ্বাহে ৷ এই কচুতলী অঞ্চল সুদীৰ্ঘ সময় ধৰি বেদখলকাৰীৰ কবলত আছিল যদিও যোৱাটো বছৰত ৰাজ্য চৰকাৰে কচুতলীক সম্পূৰ্ণৰূপে বেদখলমুক্ত কৰে আৰু সেই ঠাইতে আজি দশম অসম আৰক্ষী বেটেলিয়নৰ মুখ্য কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰে গৃহমন্ত্ৰী অমিত শ্বাহে ৷ এই কাৰ্যসূচীৰ পিছতে দুদিনীয়া অসম ভ্ৰমণসূচী সামৰি অমিত শ্বাহ দিল্লী অভিমূখে ৰাওনা হ’ব ৷ 

Last Updated : February 21, 2026 at 3:28 PM IST

ABOUT THE AUTHOR

...view details