সৰুসজাইত চি আৰ পি এফ পেৰেড দিৱসত গৃহমন্ত্ৰী অমিত শ্বাহ LIVE - HOME MINISTER AMIT SHAH LIVE

🎬 Watch Now: Feature Video

thumbnail
সৰুসজাইত চি আৰ পি এফ পেৰেড দিৱসত গৃহমন্ত্ৰী অমিত শ্বাহ LIVE (ANI)

By ETV Bharat Assamese Team

Published : February 21, 2026 at 10:09 AM IST

|

Updated : February 21, 2026 at 12:55 PM IST

1 Min Read
Choose ETV Bharat

কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চি আৰ পি এফ)ৰ 87 সংখ্যক প্ৰতিষ্ঠা দিৱস পেৰেডত মুখ্য অতিথি কেন্দ্ৰীয় গৃহমন্ত্ৰী আমিত শ্বাহ ৷ গুৱাহাটীৰ সৰুসজাইস্থিত অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হৈছে এই বিশেষ বৰ্ণাঢ্য কাৰ্যসূচী ৷ এই বিশাল কাৰ্যসূচীত চি আৰ পি এফৰ পেৰেডেৰে সম্ভাষণ জনোৱা হয় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক ৷ সমান্তৰালভাৱে প্ৰদৰ্শন কৰা হয় চি আৰ পি এফৰ কেতবোৰ দৃষ্টিনন্দন কৰ্মশৈলী-বেণ্ড আদিও ৷ বিভিন্ন অভিযানত চি আৰ পি এফে ব্যৱহাৰ কৰা সমৰসজ্জিত অত্যাধুনিক বিভিন্ন বাহনো প্ৰদৰ্শন কৰা হয় ৷ দুদিনীয়া ভ্ৰমণসূচী লৈ অসমলৈ অহা গৃহমন্ত্ৰী অমিত শ্বাহৰ আজি দ্বিতীয়টো দিন ৷ যোৱানিশা শিলচৰৰ পৰা আহি গুৱাহাটীত উপস্থিত হোৱাৰ পাছত আজি পুৱা এই বিশেষ কাৰ্ষসূচীত ভাগ লয় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৷ সৰুসজাইৰ এই কাৰ্যসূচীৰ পাছতে তেওঁ সোণাপুৰৰ কঁচুতলীলৈ যাব আৰু তাত দশম অসম আৰক্ষী বেটেলিয়নৰ মুখ্য কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব ৷  

Last Updated : February 21, 2026 at 12:55 PM IST

ABOUT THE AUTHOR

...view details