পৱিত্ৰ ভাদমাহ আৰম্ভ, ভক্তিৰসত বিলীন সত্ৰপীঠ মাজুলী

🎬 Watch Now: Feature Video

thumbnail
পৱিত্ৰ ভাদমাহ আৰম্ভ, ভক্তিৰসত বিলীন সত্ৰপীঠ মাজুলী (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : August 19, 2026 at 3:14 PM IST

1 Min Read
Choose ETV Bharat

মাজুলী: আজিৰ পৰা আৰম্ভ হৈছে পৱিত্ৰ ভাদমাহ । সমগ্র ৰাজ্যৰ লগতে ভক্তিৰসত বিলীন হৈছে সত্ৰপীঠ মাজুলী । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মাজুলীতো আৰম্ভ হৈছে ভাদমহীয়া নাম-প্ৰসংগ । মহাপুৰুষ দুজনাৰ স্বৰ্ণিল সংস্কৃতিৰ বৰ্ণিল ঐতিহ্যৰে মুখৰিত হৈছে মাজুলীৰ সত্ৰ-নামঘৰসমূহ । 

মাজুলীৰ প্ৰায় তিনি শতাধিক নামঘৰ আৰু প্ৰায় ৩৫খন সত্ৰত আৰম্ভ হৈছে নাম-প্ৰসংগ । উত্তৰ কমলাবাৰী সত্ৰ, ভোগপুৰ সত্ৰ, শ্ৰীশ্ৰী এলেঙী নৰসিংহ সত্ৰকে ধৰি বিভিন্ন সত্ৰত  নাম-প্ৰসংগ আৰম্ভ হৈছে ।  

এই মাহটোত গুৰু দুজনাৰ পৱিত্ৰ মিলনভূমিত আকাশ-বতাহ মুখৰিত হ’ব হৰি নামৰ ধ্বনিৰে ৷ ভকত বৈষ্ণৱসকলৰ লগতে আইসকলৰ নামেৰেও মুখৰিত হ’ব সত্ৰপীঠ । এই পৱিত্ৰ মাহটোত প্ৰত্যেক দিনাই পুৱাৰে পৰা আৰম্ভ কৰি নিশা দুপৰলৈকে হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ থাকিব ।

লগতে পঢ়ক:ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত মাহজোৰা চাৰি প্ৰসংগীয়া পালনাম আৰম্ভ

মইনাপৰীয়া নামঘৰত মাহজোৰাকৈ ভাদমহীয়া নাম প্ৰসংগ