নিজম পৰিল ম’হঘূলি চাপৰিৰ ফাটবিহুৰ বাকৰি
🎬 Watch Now: Feature Video

Published : May 11, 2026 at 11:10 AM IST
ধেমাজি: নিজম পৰিল ঢকুৱাখনাৰ ম’হঘূলি চাপৰিৰ ফাটবিহুৰ বাকৰি ৷ ঢোল-পেঁপা মাতেৰে মুখৰিত তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা ঢকুৱাখনা ঐতিহাসিক ফাটবিহুত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে উপভোগ কৰে অতীজৰ নিভাঁজ বিহুগীত আৰু বিহুনৃত্য ৷ ফাটবিহু অনুষ্ঠানৰ তৃতীয় দিন অৰ্থাৎ দেওবাৰেও জাতি-জনগোষ্ঠীৰ মিলনস্থলীলৈ পৰিণত হয় ঐতিহাসিক ফাটবিহু বাকৰি ৷
কেৱল ঢকুৱাখনাবাসীয়ে নহয়,ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্নজন আহি উপভোগ কৰে ঐতিহাসিক ফাটবিহু ৷ সকলোৱে জাতীয় সাজপাৰ পৰিধান কৰি ওলাই আহে ফাটবিহু বাকৰিলৈ ৷ দেওবাৰে অন্তিমটো দিনত ম’হঘূলি চাপৰিৰ মনোমোহা প্ৰাকৃতিক পৰিবেশৰ মাজত এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ৷ এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাই ৷
এই শোভাযাত্ৰাত মিচিং, তিৱা, সোণোৱাল কছাৰী, কছাৰী সকলৰ বহুৱা নৃত্য, বিহু দল আদি ভালেসংখ্যক সাংস্কৃতিক দলে প্ৰখৰ ৰ’দকো নেওচি সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে ।
লগতে পঢ়ক:খ্ৰাম-বাঁহীৰ ছন্দত মুখৰিত ভেবেলী পথাৰ, উলহ-মালহেৰে উদযাপন তিৱাসকলৰ পিচাক পিছু দমাছি
উখল-মাখল পৰিৱেশ তিনিচুকীয়াৰ ঐতিহাসিক মৰুৎ নন্দন কানন, ৫৫খনকৈ বিহুখোলা কঁপালে পাঁচ হাজাৰ ডেকা-গাভৰুৱে