মেঘালয়ত ধাৰাসাৰ বৰষুণ, কিন্তু যোৰাবাটত ভয়াবহ কৃত্ৰিম বান - ETV BHARAT ASSAM
🎬 Watch Now: Feature Video

Published : July 17, 2026 at 8:43 PM IST
সোণাপুৰ : পুনৰ কৃত্ৰিম বানৰ কৱলত যোৰাবাট ৷ শুকুবাৰে মেঘালয় পাহাৰত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত অসম-মেঘালয় সীমান্তৰ যোৰাবাটত পুনৰ ভয়াৱহ কৃত্ৰিম বানৰ সৃষ্টি হয় । পাহাৰৰ পৰা নামি অহা প্ৰবল সোঁত আৰু বৰষুণৰ পানীয়ে গুৱাহাটী-শ্বিলং সংযোগী ব্যস্ত ৰাষ্ট্ৰীয় ঘাইপথছোৱাক একপ্ৰকাৰ বোৱতী নৈত পৰিণত কৰে । ঘাইপথৰ ওপৰত একাঠু পৰ্যন্ত পানী হোৱাৰ বাবে পথৰ মাজতেই আৱদ্ধ হৈ পৰে কেইবাখনো সৰু-বৰ বাহন।
ইফালে পানীৰ সোঁত ইমান প্ৰবল যে মটৰচাইকেল বা সৰু গাড়ীসমূহ চলাচল কৰাটো অসম্ভৱ হৈ পৰে । হঠাতে হোৱা বানৰ বাবে ঘাইপথটোত তীব্ৰ যান-জঁটৰ সৃষ্টি হোৱাৰ লগতে যাত্ৰীসকল মাজবাটতে থমকি ৰ’বলগীয়া হয় । ফলত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ এজাক বৰষুণ দিলে ৰাষ্ট্ৰীয় ঘাইপথছোৱা হৈ পৰে সাগৰ সদৃশ্য ৷