যোৰাবাটত কৃত্ৰিম বান: আবদ্ধ শ শ বাহন, চৰম দুৰ্যোগত সহস্ৰাধিক যাত্ৰী - JORABAT HEAVY TRAFFIC JAM

🎬 Watch Now: Feature Video

thumbnail
যোৰাবাটত কৃত্ৰিম বান: আবদ্ধ শ শ বাহন (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : July 13, 2026 at 3:40 PM IST

1 Min Read
Choose ETV Bharat

সোণাপুৰ: গুৱাহাটীৰ প্ৰৱেশদ্বাৰ স্বৰূপ যোৰাবাটত ভয়াৱহ কৃত্ৰিম বানৰ সৃষ্টি হৈছে ৷ দেওবাৰৰ পৰা হোৱা এই বানে সোমবাৰেও বহু সমস্যাৰ সৃষ্টি কৰিছে ৷ যাৰ ফলত সেই স্থানত থকা লোকৰ লগতে পথচাৰীৰ জীৱনযাত্ৰা ব্যাহত হৈ পৰিছে ৷ দেওবাৰে নিশাৰে পৰা যোৰাবাটত সৰু-বৰ কেইবা শতাধিক বাহন আবদ্ধ হৈ পৰিছে ।

এই অভাৱনীয় পৰিস্থিতিৰ বাবে উজনি আৰু নামনি অসমৰ লগতে কাষৰীয়া ৰাজ্য মেঘালয়লৈ অহা-যোৱা কৰা সহস্ৰাধিক সাধাৰণ যাত্ৰী আটাইতকৈ বেছি দুৰ্ভোগ ভুগিব লগাত পৰিছে ৷ বহু সময় ধৰি মাজৰাস্তাতে আবদ্ধ হৈ থকাৰ ফলত জ্যেষ্ঠ নাগৰিক, মহিলা আৰু শিশুসকলে আটাইতকৈ বেছি সমস্যাৰ সন্মুখীন হৈছে । এই তীব্ৰ যানজঁটৰ বাবে কেইবাখনো জৰুৰীকালীন সেৱাৰ এম্বুলেন্সো আবদ্ধ হৈ আছে ৷

এগৰাকী স্থানীয় লোক কয়, ‘‘অপৰিকল্পিত নলা নিৰ্মাণ আৰু মেঘালয়ৰ পাহাৰ কটাৰ বাবেই প্ৰতিবছৰে যোৰাবাটত এনেদৰে কৃত্ৰিম বানৰ সৃষ্টি হয় । চৰকাৰে ইয়াৰ বিকল্প ব্যৱস্থা কৰিব লাগে ৷ যিমান গভীৰ নলাৰ প্ৰয়োজন হয়, সিমান বনাব লাগে ৷ কিন্তু এনে কৰা দেখা নাই ৷ ফলত প্ৰতি বছৰে এনেধৰণৰ কৃত্ৰিম বানৰ সৃষ্টি হৈ আহিছে ৷’’

উল্লেখ্য যে, এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ যান-বাহন আৰক্ষীয়ে চেষ্টা চলাইছে । 

লগতে পঢ়ক : যোৰাবাটত ভয়ংকৰ কৃত্ৰিম বান; উজনিলৈ কোনটো পথেৰে যাব ?