নলবাৰী ৰাস মহোৎসৱত বস্ত্ৰমেলা মুকলি - HANDLOOM EXPO IN NALBARI RAAS
🎬 Watch Now: Feature Video

Published : November 10, 2025 at 5:21 PM IST
নলবাৰী: ৯২ সংখ্যক নলবাৰী ৰাস মহোৎসৱত মুকলি কৰা হয় বস্ত্ৰমেলা । হস্ততাঁত বস্ত্ৰশিল্প বিভাগে আয়োজন কৰা এই বস্ত্ৰমেলাখন উদ্বোধন কৰে জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে । থলুৱা শিপিনীসকলক উৎপাদনমুখী কৰাৰ লগতে এখন বজাৰ সৃষ্টিৰ উদ্দেশ্যে মুকলি কৰা হৈছে বস্ত্ৰমেলাখন । হস্ততাঁত বস্ত্ৰশিল্প বিভাগ, ভাৰত চৰকাৰৰ সৌজন্যত দেওবাৰে নিশা উক্ত বস্ত্ৰমেলাখন মুকলি কৰা হয় ।
এই বস্ত্ৰমেলাখন ১৩ নৱেম্বৰলৈ চলিব । ৰাজ্য়ৰ বিভিন্ন প্ৰান্তৰ থলুৱা শিপিনীসকলৰ বাবে এখন বজাৰ সৃষ্টিৰ উদ্দেশ্যে বস্ত্ৰমেলাখনৰ আয়োজন কৰা বুলি নলবাৰী জিলা হস্ততাঁত বস্ত্ৰশিল্প বিভাগে জানিবলৈ দিয়ে । এই অনুষ্ঠানটোত নলবাৰী জিলা বিষয়াৰ লগতে অসমৰ ভিন্ন প্ৰান্তৰ পৰা অহা শিপিনী কেন্দ্ৰ, আত্মসহায়ক গোটসমূহে অংশগ্ৰহণ কৰে ।
বস্ত্ৰমেলাখন মুকলি কৰি জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে কয়, "এই মেলাখনে নলবাৰী জিলাৰ যিখিনি শিপিনী আছে, তেওঁলোকে উৎপাদন কৰা বস্ত্ৰ বিক্ৰীৰ বাবে এখন বজাৰ লাভ কৰিব ।"