ভূমিস্খলনৰ ফলত পুনৰ বন্ধ হ'ল হাফলং-শিলচৰ ৰাষ্ট্ৰীয় ঘাইপথ - LANDSLIDE IN DIMA HASAO
🎬 Watch Now: Feature Video

Published : May 15, 2026 at 5:40 PM IST
হাফলং : ডিমা হাছাও জিলাৰ হাফলং-শিলচৰ ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে । যাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহনৰ চলাচল বন্ধ হৈ পৰে । বৃহস্পতিবাৰে নিশাৰ পৰা ডিমা হাছাও জিলাত ধাৰাসাৰ বৰষুণৰ ফলত হাফলং-শিলচৰ ৰাষ্ট্ৰীয় ঘাইপথৰ হাৰেংগাজাওৰ সমীপত দলাইচুংগাত এই ভূমিস্খলন হয় । জানিব পৰা মতে ধাৰাসাৰ বৰষুণৰ ফলতে দলাইচুংগাত পাহাৰৰ পৰা পানীৰ লগতে মাটি আৰু শিল নামি অহাৰ বাবে পথটো সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে । ভূমিস্খলনৰ পিছতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে পথটো মুকলিৰ বাবে তৎপৰতা আৰম্ভ কৰে । প্ৰতিবেদন প্ৰস্তুত কৰাৰ সময়লৈ পথটো মুকলি কৰিব পৰা নাই বুলি জানিব পৰা গৈছে । ইফালে ভূমিস্খলনৰ ফলত নিশাৰ পৰা ৰাজপথত শতাধিক বাহন আবদ্ধ হৈ পৰে । কিন্তু কেতিয়া ৰাষ্ট্ৰীয় ঘাইপথ সুচল হৈ উঠিব তাক লৈ অনিশ্চয়তা অব্যাহত আছে । কাৰণ ডিমা হাছাওত বৰষুণ অব্যাহত থকাৰ বাবে ভূমিস্খলনো অব্যাহত আছে ।
লগতে পঢ়ক :
যোৰহাটত নিশা বিস্ফোৰণক লৈ হাহাকাৰ,সহায় বিচাৰি মৰণকাতৰ আৰ্তনাদ