গুৱাহাটী: পৌৰ নিগমৰ আহ্বান, স্থানীয় মহিলাৰ প্ৰচেষ্টাত বেঙুনীয়া হৈ পৰিছে কেন্দুগুৰি

🎬 Watch Now: Feature Video

thumbnail
পৌৰ নিগমৰ আহ্বান, স্থানীয় মহিলাৰ প্ৰচেষ্টাত বেঙুনীয়া হৈ পৰিছে কেন্দুগুৰি (ETV Bharat)

By ETV Bharat Assamese Team

Published : September 4, 2026 at 1:51 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : গুৱাহাটী চহৰক পৰিষ্কাৰ কৰাৰ লক্ষ্যৰে পৌৰ নিগমে এক বিশেষ প্ৰতিযোগিতাৰ আয়োজন কৰিছিল । সেই প্ৰতিযোগিতাত বিভিন্ন উন্নয়ন সমিতি, নাগৰিক সমিতি, মহিলা সমিতি, আত্মসহায়ক গোট, ক্লাব আদিয়ে অংশগ্ৰহণ কৰিছে । প্ৰতিযোগিতাৰ অংশ হিচাপে সমিতিবোৰে নিজ নিজ অঞ্চলক পৰিষ্কাৰ কৰি ৰখাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । ইফালে পৌৰ নিগমৰ আহ্বান মৰ্মে এই প্ৰতিযোগিতাৰ অংশ হিচাপে গুৱাহাটীক বেঙুনীয়া চহৰ কৰাৰ বাবেও প্ৰচেষ্টা চলিছে । যাৰ বাবে বিভিন্ন সমিতি বা সংস্থাবোৰে নিজ নিজ অঞ্চলৰ পকী দেৱাল, পদপথ, দলং আদিত বেঙুনীয়া ৰং সানিছে । নাৰেংগীৰ কেন্দুগুৰিতো একে দৃশ্য দেখা গৈছে ।

কেন্দুগুৰি পূৰ্বতকৈ বহুত পৰিষ্কাৰ হৈছে আৰু ইয়াৰ উপপথৰ দেৱাল, বিদ্যালয়, ষ্ট্ৰীট লাইট আদিৰ ৰঙো বেঙুনীয়া হৈছে । কেন্দুগুৰিৰ মূল পথৰ দাঁতিত ৰখা হৈছে বাঁহৰ ডাষ্টবিন লগতে দেৱালত লিখা হৈছে সজাগতামূলক বাক্য । অঞ্চলটোৰ প্ৰায় ২০ গৰাকী সচেতন মহিলাৰ উদ্যোগত এই নতুন ৰূপ পাইছে । প্ৰাগজ্যোতিষা আঞ্চলিক পৰ্যায়ৰ সংস্থা সমবায় সমিতি লিমিটেডৰ উদ্যোগত তথা স্থানীয় ৫৭ নং ৱাৰ্ডৰ পাৰিষদ কবিতা শর্মাৰ সহযোগিতাত কেন্দুগুৰি স্থানীয় মহিলাই শ্ৰমদান তথা আৰ্থিক ব্যয় কৰি নাৰেংগীৰ কেন্দুগুৰিক বেঙুনীয়া অঞ্চল কৰাৰ প্ৰয়াস কৰিছে । বিশেষকৈ ৫৭ ৱাৰ্ডৰ ১ নং শালবাৰী, বিষ্ণুপুৰ, শ্বহীদ নগৰ, চন্দনপুৰ আৰু ভৱানীপুৰ অঞ্চলত এই পদক্ষেপ লোৱা হৈছে । পাৰিষদ কবিতা শৰ্মাই কয়, "পৌৰপতি মৃগেন শৰণীয়াৰ আহ্বান মৰ্মে স্বচ্ছ গুৱাহাটী প্ৰতিযোগিতা আয়োজন কৰা হৈছে । উন্নয়ন সমিতি, মহিলা সমিতি, আত্মসহায়ক গোটসমূহে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে । তাৰেই অংশ হিচাপে মোৰ ৱাৰ্ডত আমাৰ স্থানীয় মহিলাৰ সহযোগিতাত এই ৰূপ দেখিবলৈ পাইছো । আত্মসহায়ক গোটৰ মহিলাসকলে খুব সুন্দৰ আৰু সক্ৰিয়ভাৱে কাম কৰিছে । ৰাইজ সচেতন হৈ ওলাই আহিলে এনেধৰণৰ ভাল ফলাফল পামেই ।"

লগতে পঢ়ক :

বিহালীত এডিআৰই ৩.০ৰ বাবে তিনিমহীয়া বিনামূলীয়া প্ৰশিক্ষণ কাৰ্যসূচী