কৃতী শিক্ষাৰ্থীলৈ বিশেষ জলপানি মৰিগাঁৱৰ গুৰুকুল একাডেমীৰ - GURUKUL ACADEMY MORIGAON

🎬 Watch Now: Feature Video

thumbnail
গুৰুকুল একাডেমীৰ বিশেষ পদক্ষেপ (ETV Bharat)

By ETV Bharat Assamese Team

Published : April 22, 2026 at 7:27 PM IST

2 Min Read
Choose ETV Bharat

মৰিগাঁও: অগ্ৰণী শিক্ষানুষ্ঠান গুৰুকুল একাডেমীয়ে মৰিগাঁৱৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এক বিশেষ জলপানি ঘোষণা কৰিছে । সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰাৰ লক্ষ্যৰে এই সোণালী সুযোগ আগবঢ়াইছে বিদ্যালয় কৰ্তৃপক্ষই । এখন শিক্ষিত আৰু উন্নত সমাজ গঢ়াৰ সংকল্পৰে মৰিগাঁও চহৰৰ মাজমজিয়াত অৱস্থিত শিক্ষানুষ্ঠান গুৰুকুল একাডেমীয়ে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এক আকৰ্ষণীয় জলপানি আঁচনি ঘোষণা কৰিছে । ২০০৭ চনতে প্ৰতিষ্ঠিত হোৱা এই শিক্ষানুষ্ঠানখনে প্ৰতি বছৰৰ দৰে এইবেলিও উচ্চতৰ মাধ্যমিক পৰ্যায়ত নামভৰ্তি কৰিবলৈ ওলোৱা মেধাৱী শিক্ষাৰ্থীসকলক আৰ্থিক সকাহ তথা উৎসাহ যোগোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।  

বিদ্যালয় কৰ্তৃপক্ষই ঘোষণা কৰা অনুসৰি, মেধাৰ ওপৰত ভিত্তি কৰি  ৮৫% বা ততোধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীয়ে- ৩০,০০০ টকা, ৭৫% ৮৪% নম্বৰ লাভ কৰা শিক্ষাৰ্থীয়ে ১৫,০০০ টকাৰ জলপানি লাভ কৰিব । এই সুবিধা কেৱল দৰিদ্ৰ সীমা ৰেখাৰ তলৰ ছাত্ৰ-ছাত্ৰীয়েই নহয়, বৰঞ্চ আৰ্থিক অৱস্থা নিৰ্বিশেষে সকলো শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব । আনহাতে যিসকল ছাত্ৰ-ছাত্ৰীয়ে এইবেলি গুৰুকুল একাডেমীত উচ্চতৰ মাধ্যমিক শ্ৰেণীত নামভৰ্তি কৰিব, তেওঁলোকেও এই জলপানিৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ’ব । ছাত্ৰ-ছাত্ৰীক পঢ়া-শুনাত অধিক মনোযোগী কৰি তোলা আৰু মৰিগাঁও জিলাৰ শৈক্ষিক পৰিৱেশ উন্নত কৰাই এই আঁচনিৰ মুখ্য উদ্দেশ্য ।

"আমি বিচাৰোঁ কোনো এজন মেধাৱী ছাত্ৰ-ছাত্ৰী যাতে আৰ্থিক কাৰণত উচ্চশিক্ষাৰ পৰা বঞ্চিত নহয় । এই জলপনিয়ে তেওঁলোকক ভৱিষ্যতে আৰু অধিক ভাল ফলাফল কৰিবলৈ অনুপ্ৰাণিত কৰিব বুলি আমি আশাবাদী ।" এই মন্তব্য বিদ্যালয় কৰ্তৃপক্ষৰ । 

লগতে পঢ়ক: উত্তৰ পূৰ্বাঞ্চলৰ মৎস্য খণ্ডৰ বিকাশৰ উদ্দেশ্যে অনুষ্ঠিত হ'ব একুৱাক্স নৰ্থ ইষ্ট

ABOUT THE AUTHOR

...view details