প্ৰগতিৰ পথত আগবাঢ়িব লাগিব ধুবুৰী: গুৰুদ্বাৰত অভিভাৱক মন্ত্ৰী অশোক সিংহল - ইটিভি ভাৰত অসম

🎬 Watch Now: Feature Video

thumbnail
ধুবুৰী গুৰুদ্বাৰত অভিভাৱক মন্ত্ৰী অশোক সিংহল (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : June 11, 2026 at 5:14 PM IST

1 Min Read
Choose ETV Bharat

ধুবুৰী: অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰাৰ পিছত পোন প্ৰথমবাৰৰ বাবে ধুবুৰীত উপস্থিত হয় অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহল । ধুবুৰী গুৰুদ্বাৰত উপস্থিত হৈ সেৱা জনাই মন্ত্ৰীগৰাকীয়ে ।

গুৰুদ্বাৰ দৰ্শনকালত সাংবাদিকৰে সৈতে হোৱা মত বিনিময়ত মন্ত্ৰীগৰাকীয়ে কয় যে আন আন জিলাৰ তুলনাত ধুবুৰী জিলা বহু পিছপৰি আছে । সেয়ে বেলেগ জিলাৰ দৰে ধুবুৰী জিলাখনো সমানে প্ৰগতিৰ পথত আগবাঢ়ি যাব লাগিব বুলিও মন্তব্য মন্ত্ৰী অশোক সিংহলৰ ।

তেওঁ কয়, "ধুবুৰীৰ অভিভাৱক মন্ত্ৰী হিচাপে আজি আহিছোঁ । ধুবুৰীৰ ৰাইজৰ লগত আলোচনা কৰিম, ক'ত কি গণ্ডগোল হৈ আছে সেইবিলাক ঠিক কৰিব লাগিব ।"

মন্ত্ৰী অশোক সিংহলে লগতে কয়, "ধুবুৰী জিলাত, ধুবুৰী চহৰস্থিত গুৰুদ্বাৰত আহি গুৰুৰ ওচৰত সেৱা কৰাৰ মোৰ সৌভাগ্য হ'ল । ই এক পৱিত্ৰ স্থান, য'ত দশম শিখ গুৰু টেগবাহাদুৰজী আহি কেইবা বছৰ তপস্যা কৰিছিল ।"

লগতে পঢ়ক :১২ বছৰীয়া কাৰ্যকালত দেশত প্ৰগতিয়েই প্ৰগতি: গুৱাহাটীত কেন্দ্ৰীয় মন্ত্ৰী চি আৰ পাটিল

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details