২০২০ চনতে নিৰ্মাণ হ'ল কিন্তু নেঘেৰিটিঙত আজিলৈ কাৰ্যক্ষম নহ'ল স্বাস্থ্যকেন্দ্ৰ - ইটিভি ভাৰত অসম

🎬 Watch Now: Feature Video

thumbnail
২০২০ চনতে নিৰ্মাণ হ'ল কিন্তু আজিলৈ কাৰ্যক্ষম নহ'ল স্বাস্থ্যকেন্দ্ৰ (ETV Bharat)

By ETV Bharat Assamese Team

Published : July 11, 2026 at 12:56 PM IST

2 Min Read
Choose ETV Bharat

দেৰগাঁও : চৰকাৰে ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ উন্নয়নৰ বাবে বিভিন্ন নতুন নতুন পদক্ষেপ গ্ৰহণ কৰিছে । তাৰ মাজতে গোলাঘাট জিলাৰ দেৰগাঁৱৰ নেঘেৰিটিং প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ বৰ্তমানৰ অৱস্থাই স্বাস্থ্যখণ্ডৰ প্ৰকৃত ছবিখন পোহৰলৈ আনিছে । 

২০২০ চনতে নিৰ্মাণ সম্পূৰ্ণ হোৱা এই গুৰুত্বপূৰ্ণ স্বাস্থ্যকেন্দ্ৰটো আজি পৰ্যন্ত কাৰ্যক্ষম হৈ নুঠিল । যাৰ বাবে অঞ্চলবাসী প্ৰয়োজনীয় স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত হৈছে । চৰকাৰ তথা জনপ্ৰতিনিধিৰ অৱহেলাত স্বাস্থ্যকেন্দ্ৰৰ চৌহদ এতিয়া গৰু-ছাগলীৰ বিচৰণ স্থলীলৈ পৰিণত হৈছে ।

স্বাস্থ্যকেন্দ্ৰৰ ভিতৰত থকা লক্ষাধিক টকাৰ চিকিৎসা সামগ্ৰী আৰু মূল্যৱান আচবাবসমূহো চোৱা-চিতাৰ অভাৱত জহি-খহি গৈছে । 

অভিযোগ অনুসৰি স্বাস্থ্যসেৱাৰ নামত চৰকাৰী প্ৰতিশ্ৰুতি কেৱল কাকতৰ পৃষ্ঠাতে সীমাবদ্ধ হৈ থকাৰ বাবেই নেঘেৰিটিঙৰ দাঁতিকাষৰীয়া ২০ খনতকৈও অধিক গাঁৱৰ ৰাইজে এতিয়াও উন্নত চিকিৎসা সেৱাৰ পৰা বঞ্চিত হৈ চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছে । চৰকাৰী ধনৰ এনে অপচয় দেখি স্তম্ভিত সাধাৰণ ৰাইজ ।

এই সন্দৰ্ভত এজন স্থানীয় লোকে কয়, "আমি সমজিলা কাৰ্যালয় আৰু স্বাস্থ্য বিভাগকো বিষয়টো জনালো কিন্তু কোটিটকীয়া প্ৰকল্প বন্ধ হৈ আছে । আমি কেনেদৰে উপকৃত হ'ম । স্বাস্থ্যকেন্দ্ৰ থাকিলে চাহ জনগোষ্ঠীৰ লোকৰ লগতে আশে-পাশে থকা অঞ্চলৰ লোকসকলো উপকৃত হ'ব পাৰে ।" মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু স্থানীয় বিধায়ক ড৹ মৃদুল কুমাৰ দত্তক শীঘ্ৰে এই স্বাস্থ্যকেন্দ্ৰ মুকলিৰ ক্ষেত্ৰত ব্যৱস্থা ল'বলৈও স্থানীয় ৰাইজে দাবী জনাইছে ।

লগতে পঢ়ক :

ফোন কৰাৰ প্ৰায় ১১.২০ মিনিটতে ১০৮ মৃত্যুঞ্জয় এম্বুলেন্স নিৰ্দিষ্ট স্থান পায়গৈ : অশোক সিংহল