৩৪২ বছৰীয়া পৰম্পৰাৰে বিশ্বনাথত গোসাঁই বিহু পালন - RONGALI BIHU 2026

🎬 Watch Now: Feature Video

thumbnail
৩৪২ বছৰীয়া পৰম্পৰাৰে বিশ্বনাথত গোসাঁই বিহু পালন (ETV Bharat)

By ETV Bharat Assamese Team

Published : April 16, 2026 at 7:41 PM IST

1 Min Read
Choose ETV Bharat

বিশ্বনাথ: আহোম যুগৰ পৰা চলি অহা এক বিশেষ পৰম্পৰাৰ অংশস্বৰূপে ঐতিহাসিক বিশ্বনাথত বৃহস্পতিবাৰে গোঁ‌সাই ফুৰোৱা উৎসৱ পালন কৰা হয় । ব’হাগৰ দ্বিতীয় দিনা প্ৰায় ৩৪২ বছৰীয়া পৰম্পৰা অনুসৰি গুপ্তকাশী বিশ্বনাথ ঘাটত ৰাইজে বিশ্বনাথ গোঁসাইক ফুৰায় ।

গোসাঁই বিহুৰ বিশেষ তাৎপৰ্য অনুসৰি গুপ্তকাশী বিশ্বনাথ দেৱালয়ৰ পৰা উত্তৰ দিশে অৱস্থিত ভিৰ গাঁৱলৈ প্ৰায় ৫ কিলোমিটাৰ কেঁকোৰা দোলাত উঠাই গোঁসাইক ফুৰাবলৈ অনা হয় । পুৱাৰ ভাগত গোঁসাইক ৰীতি-নীতিৰে কেঁকোৰা দোলাত তুলি ঢুলীয়া আদিৰে পৰিবেষ্টিত হৈ যাত্ৰা আৰম্ভ কৰা হয় ।

এই পৰম্পৰা পূৰ্বৰ দৰে এতিয়াও বাহাল আছে ৷ এই অনুষ্ঠানত যথেষ্ট সংখ্যক ভক্তৰ সমাগম দেখিবলৈ পোৱা যায় । গোসাঁইৰ ওভতনি যাত্ৰাৰ সময়তো উৎসৱ মুখৰ পৰিৱেশ সৃষ্টি হয় । ব'হাগ বিহুৰ লগত সামঞ্জস্য ৰাখি এই গোসাঁই ফুৰোৱা উৎসৱ তিনি শতিকাতকৈ অধিক কাল পালন কৰি অহা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে বিশ্বনাথত । 

লগতে পঢ়ক:

আজি গোঁসাই বিহু; অসমবাসীক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন পীতাম্বৰ দেৱগোস্বামীৰ

ABOUT THE AUTHOR

...view details