জোনাইৰ ৰায়াং নদীৰ পাৰত পুৱাই মাহ-হালধিৰে নোওৱালে গো-ধনক - GARU BIHU CELEBRATES IN JONAI
🎬 Watch Now: Feature Video

Published : April 14, 2026 at 4:50 PM IST
জোনাই : বিহু বুলি ৰাজ্যৰ চৌদিশে দেখিবলৈ পোৱা গৈছে ব্যাপক উৎসাহ উদ্দীপনা । সাতামপুৰুষীয়া ৰীতি-নীতিৰে ৰাজ্যত পালন কৰা হৈছে গৰু বিহু । সমগ্ৰ ৰাজ্যৰ লগতে জোনাইৰ হাতীগাঁৱত ৰৈচুমৈ জৌহৌলাও আফাদৰ উদ্যোগত বড়ো ৰাইজে উলাহ-মালহেৰে পালন কৰে গৰু বিহু ৷ পুৱাই কৃষক ৰাইজে গোহালিৰ পৰা নিজৰ গৰুসমূহ লৈ আনে ৰায়াং নদীৰ পাৰলৈ ৷
ৰায়াং নদীৰ পাৰত প্ৰথমে পশুধনৰ মংগল তথা সু-স্বাস্থ্য আৰু শ্ৰীবৃদ্ধিৰ কামনা কৰি ভগৱানৰ ওচৰত বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত ৰীতি-নীতিৰে পূজা অৰ্চনা কৰে ৷ তাৰ পিছতে গৰুবোৰক গা ধুৱাই লাও-বেঙেনা, হালধি গৰুৰ গালৈ মাৰে ৷
ইয়াৰ পিছতে সংযুক্ত বড়ো গণ মঞ্চ (UBPO)ৰ সভাপতি মনোৰঞ্জন বসুমতাৰীয়ে বৈসাগু উপলক্ষে অনুষ্ঠিত হ’ব লগা বড়ো জনগোষ্ঠীয় নৃত্য-গীত, খেল-ধেমালিৰ শুভ উদ্বোধন কৰে ৷ তেওঁ কয়, ‘‘জনপ্ৰবাদ অনুসৰি সেইদিনা গৰুৰ গাত ঘঁহা মাহ-হালধিৰে গা ধুলে বহুখিনি বেমাৰৰ পৰা হাত সাৰিব পাৰি । গৰুৰ শিঙত ঘঁহা তেলো মানুহে গাত ঘঁহে । সেইদিনা বহু অসমীয়াই ঘৰৰ গৰুকেইটাৰ মংগলৰ অৰ্থে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় ।’’
গধূলি সময়ত গৰু-ম'হবোৰক দীঘলতী, মাখিয়তী, তৰাবোৰেৰে কোবাই ঘৰলৈ খেদি আনে আৰু নতুন পঘাৰে বন্ধা হয় । এই নতুন পঘাৰে গৰুবোৰ বন্ধাৰ আগতে চোতাল বিশেষ ঠাইডোখৰ পানীৰে মচি-কাচি এখিলা আগলি কলপাত মাটিত পাৰি তাৰ ওচৰত এযোৰ তামোল-পাণ, মাটিৰ চাকি জ্বলাই পাতৰ ওপৰত পঘাবোৰ ৰাখি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰা হয় । তাৰ পাছত খেৰ বিহলঙনী আদিৰে জুই জ্বলাই গৰুৰ আগত ধোঁৱা বিচনীৰে বিচি দিয়া হয় । অসমবাসীৰ মাজত ইয়াক 'জাগ দিয়া' বুলি কোৱা হয় । বিশ্বাস অনুসৰি অসমবাসীয়ে গৰু বিহুৰ দিনা ঘৰৰ গৰুকেইটাক জাগ দিয়াৰ পিছতহে বিচনী ব্যৱহাৰ কৰে ৷