দেৰগাঁৱত ভালুকৰ মুক্ত বিচৰণ, চিচিটিভিত বন্দী ভলুকৰ মুক্ত বিচৰণৰ দৃশ্য - DERGAON NEWS
🎬 Watch Now: Feature Video

Published : May 17, 2026 at 8:10 PM IST
যোৰহাট: দেওবাৰে নিশা দেৰগাঁৱত ভালুকৰ মুক্ত বিচৰণ ৷ নিশা দেৰগাঁৱৰ চকিয়াল গাঁৱৰ এজন ব্যক্তিৰ ঘৰত সংস্থাপিত চিচিটিভিত বন্দী হৈছিল ভালুকৰ মুক্ত বিচৰণৰ দৃশ্য ৷ সমান্তৰালভাৱে পথৰ ওপৰতো স্পষ্টৰূপত জিলিকি আছে ভালুকটোৰ খোজৰ চিন । ইতিমধ্যেই বন বিভাগৰ লোকে ভালুকটোৰ অৱস্থিতি উলিয়াবলৈ অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে ভালুকটোৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই । তাপৰ্যপূৰ্ণ যে, পূৰ্বেও দেৰগাঁৱত ভালুকৰ মুক্ত বিচৰণ দেখিবলৈ পোৱা গৈছিল ।
আনহাতে যোৰহাট মালৌপথাৰৰ বালিখুঁটিত শুকুৰবাৰে সন্ধিয়া ভাগত এটা ভালুক প্ৰত্যক্ষ কৰিছিল ৰঞ্জিত গগৈ নামৰ লোকজনে । উল্লেখ্য যে, গগৈয়ে তেওঁৰ গাহৰিৰ ফাৰ্ম আৰু ফিচাৰীৰ পাৰত ভালুকটোক দেখা পাইছিল আৰু ভালুকটোৱে তেওঁলৈ চোঁচা লৈছিল । চিঞৰ-বাখৰ কৰাত ভালুকটো আঁতৰি যায় ৷ ইতিমধ্যে যোৰহাটৰ বনবিভাগৰ লোকে ভালুকৰ সন্ধানত নামি পৰিছে যদিও সন্ধান উলিয়াব পৰা নাই ।
লগতে পঢ়ক:জোনাইত বিদ্য়ালয়লৈ যোৱাৰ পথত সন্ধানহীন দুই ভগ্নী, অপহৰণৰ সন্দেহ পৰিয়ালৰ