ভাৰতীয় ৰে'লৱেত নিযুক্তিৰ নামত দুষ্টচক্ৰৰ গোপন বেহা; লাখে লাখে ধন সংগ্ৰহ প্ৰৱঞ্চকৰ - NAGAON RAILWAY RECRUITMENT FRAUD

🎬 Watch Now: Feature Video

thumbnail
ভাৰতীয় ৰে'লৱেত নিযুক্তিৰ নামত দুষ্টচক্ৰৰ গোপন বেহা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : July 14, 2026 at 10:50 PM IST

2 Min Read
Choose ETV Bharat

চামগুৰি : নগাঁৱত ভাৰতীয় ৰে'লত নিযুক্তি প্ৰদানৰ প্ৰলোভনেৰে ব্যাপক হাৰত ধন সংগ্ৰহৰ অভিযোগ উত্থাপন হৈছে । কিন্তু এনে প্ৰলোভনৰ টোপ গিলিয়েই নগাঁৱত এতিয়া সৰ্বস্বান্ত হৈছে একাংশ চাকৰি প্ৰত্যাশী ।  

বিগত তিনি-চাৰি বছৰত নগাঁৱৰ দুই প্ৰৱঞ্চকে ৰে'ল বিভাগত নিযুক্তি দিয়াৰ নামত সৰকালে লাখে লাখে টকা । কিন্তু দুবছৰে নিযুক্তি দিব নোৱৰাত শেহতীয়াকৈ পোহৰলৈ আহিছে এই ঘটনা । নগাঁৱৰ মিনাৰাম বৰা আৰু জিতুমণি বৰা নামৰ দুজন লোকে একাংশ চাকৰি প্ৰত্যাশীৰ পৰা উত্তৰ-পূব সীমান্ত ৰে'লৱেত নিযুক্তি দিয়াৰ নামত প্ৰত্যকৰে পৰা সাত লাখকৈ টকা সৰকাই নিয়াৰ অভিযোগ উত্থাপন হৈছে ।

ভাৰতীয় ৰে'লৱেৰ মাল গুদাম শ্ৰমিক সংঘৰ বিষয়া বুলি নিজকে পৰিচয় দি জনৈক পঞ্চানন ডেকাৰ নাম লৈ এই দুই প্ৰৱঞ্চকে কোৰোণাৰে চপালে ধন । এই অসাধু চক্ৰৰ প্ৰৱঞ্চনাৰ বিষযে মুখ খুলিছে ভুক্তভোগীয়ে ।

ইপিনে এই অভিযোগ পোনছাটেই নাকচ কৰিছে অভিযুক্ত মিনাৰাম বৰাই । সংবাদ মাধ্যমৰ কেমেৰাৰ আগত তেওঁ নিজকে সজালে ধোৱা তুলসীৰ পাত ।

খবৰ অনুসৰি, ভাৰতীয় ৰে'লৱে মাল গুদাম শ্ৰমিক সংঘৰ নামত এক অসাধু চক্ৰই ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিযুক্তিৰ কথা কৈ সংগ্ৰহ কৰি আহিছে ধন । কিন্তু ইয়াৰ পিছতো সজাগ হোৱা নাই জনতা । যাৰবাবে অব্যাহত আছে এই অসাধু চক্ৰৰ লুণ্ঠন ।

এই সন্দৰ্ভত এগৰাকী ভুক্তভোগীয়ে কয়, "মিনাৰাম বৰাৰ চিনাকি, তেওঁৰ যোগেদি গ'লোঁ । একে প্ৰচিডিউৰত কামখিনি কৰিলোঁ । পইচাও দিলোঁ । পইচা মই প্ৰায় ২ লাখ দিলোঁ ।"

লগতে পঢ়ক :ৰাজ্যত প্ৰায় কুৰিখনৰো অধিক নতুন ৰাজহ চক্ৰ: মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা