অসম-নাগালেণ্ডৰ সীমান্তৰ ঘটনাক লৈ চাৰিটাকৈ সংগঠনৰ প্ৰতিবাদ - ASSAM NAGALAND BORDER CONFLICTS

🎬 Watch Now: Feature Video

thumbnail
সৰুপথাৰত অসম-নাগালেণ্ডৰ সীমান্তৰ ঘটনাক লৈ চাৰিটাকৈ সংগঠনৰ প্ৰতিবাদ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : July 7, 2026 at 11:40 AM IST

2 Min Read
Choose ETV Bharat

সৰুপথাৰ: অসম-নাগালেণ্ডৰ সীমান্তৰ ঘটনাক লৈ চাৰিটাকৈ সংগঠনৰ প্ৰতিবাদত সৰুপথাৰ উত্তাল হ'ল । দুয়োখন ৰাজ্য়ৰ সীমা সমস্যাক লৈ এনে পৰিস্থিতিৰ সৃষ্টি হয় । চুতীয়া ছাত্ৰ সন্থাকে ধৰি চাৰি সংগঠনে সৰুপথাৰ সমজিলা আয়ুক্তৰ কাৰ্যালয় সন্মুখত এইদৰে প্ৰতিবাদ জনায় ।  

সোমবাৰে ধমশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থা, গোলাঘাট জিলা নিখিল বড়ো ছাত্ৰ সন্থা, সদৌ তাই আহোম ছাত্ৰ সন্থা, সৰুপথাৰ সমজিলা সমিতি, সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ হালধিবাৰী লাচিত গাঁও আঞ্চলিক সমিতিয়ে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে । 

এই সন্দৰ্ভত নিখিল বড়ো ছাত্ৰ সন্থাৰ গোলাঘাট সৰুপথাৰৰ অভিৰাম খাখলাৰীয়ে কয়, "আমি অসম-নাগালেণ্ড সীমা সমস্যাৰ স্থায়ী সমাধান বিচাৰিছো । লগতে নগাসকলে  অসমৰ গাঁৱৰ লোকসকলৰ পৰা লোৱা কৃষিকৰ বন্ধ কৰাৰ ব্যৱস্থা বিচাৰিছো । নগাৰ আগ্ৰাসন নীতি বন্ধ হ'ব লাগে । চিআৰপিএফে নগাৰ লগত মিতিৰালি কৰি আমাৰ অসমীয়া লোকসকলক তেওঁলোকে হাৰাশাস্তি কৰা বন্ধ কৰাৰ দাবী জনাইছো ।"

ইপিনে,চুতীয়া ছাত্ৰ সন্থাৰ নেতা ৰক্তিম চুতীয়াই কয়, "আমাৰ সীমান্তৱৰ্তী অঞ্চলত এ,বি,চি তিনিটা ছেক্টৰত বসবাস কৰা অসমীয়া লোকসকলৰ জীৱনৰ প্ৰতি অহা ভাবুকি বন্ধ কৰিব লাগে । আজি কিছুদিনৰ আগতে সীমান্তৱৰ্তী 'বি'ছেক্টৰৰ যি আমাৰ শান্তিপুৰ, দুই নম্বৰ শান্তিপুৰ আৰু তিনি নম্বৰ শান্তিপুৰ গাঁও আছে, তাত নগা লোকসকলে জৰীপ কৰা আমি দেখিবলৈ পালো । তাত আচলতে যেতিয়া নগা লোকসকলে আহি জৰীপ আৰম্ভ কৰিছিল, তাৰ আমাৰ যিসমূহ সহজ-সৰল অসমীয়া লোকসকল আছে  তেওঁলোকক প্ৰলোভন দিছে ।"

লগতে পঢ়ক:বান-খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণাৰ দাবীত লখিমপুৰত যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

মৈৰাবাৰীত স্কাউট এণ্ড গাইডৰ গ্ৰীষ্মকালীন প্ৰশিক্ষণ শিবিৰ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details