আজিৰে পৰা আৰম্ভ হিমন্ত বিশ্ব শৰ্মাৰ বৰ্তমানৰ কাৰ্যকালৰ অন্তিমখন অধিৱেশন LIVE - BUDGET SESSION 2026
🎬 Watch Now: Feature Video

Published : February 16, 2026 at 9:42 AM IST
আজিৰে পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ বাজেট(লেখানুদান) অধিৱেশন । পুৱা 9:30 বজাত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ভাষণেৰে আৰম্ভ হৈছে এই অধিৱেশনৰ কাৰ্যসূচী । এই অধিৱেশনখন হ’ব পঞ্চদশ অসম বিধান সভাৰ অন্তিমখন অধিৱেশন ৷ এই অধিৱেশনৰ পিছত ২০২৬-২৭ বৰ্ষৰ বাজেট অধিৱেশনখন অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনৰ পিছত অৰ্থাৎ জুলাই মাহত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে । ১৬ৰ পৰা ১৯ ফেব্ৰুৱাৰীলৈ চাৰিদিনীয়াকৈ অনুুষ্ঠিত হ’বলগীয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৰ্তমানৰ কাৰ্যকালৰ অসম বিধানসভাৰ এইখন অন্তিমখন অধিৱেশন ৷ এই অধিৱেশনতেই চলিত ২০২৬ বৰ্ষৰ ফেব্ৰুৱাৰীৰ পৰা মে’ মাহলৈ অন্তৱৰ্তীকালীন সময়ৰ বাবে বাজেট 'লেখানুদান’ অৰ্থাৎ Vote On Accounts Budget দাখিল কৰা হ’ব । ভাৰতীয় সংবিধানৰ ১৭৬ (১)ৰ অধীনত ৰাজ্যপালৰ ভাষণেৰে আজি ১৬ ফেব্ৰুৱাৰী সোমবাৰে আৰম্ভ হৈছে এই অধিৱেশন । ‘‘Vote on Account’’ হ’ল নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া বৰ্ষ বা নতুন পূৰ্ণাংগ বাজেট অনুমোদন নোহোৱা পৰ্যন্ত অন্তৱৰ্তীকালীন সময়ৰ বাবে চৰকাৰখনত যাতে বিত্তীয় অচলাৱস্থা সৃষ্টি নহয় আৰু চৰকাৰৰ দৈনন্দিন তথা অপৰিহাৰ্য খৰচ বাবে সংসদ বা বিধানসভাই অনুমোদন জনোৱাৰ সময়ৰ বাজেট ৷ অসমৰ সমাগত বিধানসভা নিৰ্বাচনৰ বাবে মে’ মাহত নতুন চৰকাৰ গঠন নোহোৱা পৰ্যন্ত চৰকাৰ পৰিচালনাৰ বাবে এই অধিৱেশনত ১৭ ফেব্ৰুৱাৰীত লেখানুদানত অনুমোদন জনোৱা হ’ব ৷